আজি প্ৰকাশ পালে বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। ১০ বজাত NRC কৰ্তৃপক্ষই প্ৰকাশ কৰিলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। চূড়ান্ত NRCত অন্তৰ্ভুক্ত হ’ল ৩,১১,২১,০০৪ জন লোকৰ নাম। তাৰ বিপৰীতে বাদ পৰিল ১৯,০৬,৬৫৭জন লোক। মুঠ আবেদনকাৰী আছিল ৩,৩০,২৭,৬৬১ জন।
এন আৰ চি প্ৰকাশৰ পিছতে এতিয়া বিভিন্ন দল সংগঠনে প্ৰকাশ কৰিছে নিজৰ নিজৰ প্ৰতিক্ৰিয়া। সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে চুড়ান্ত এন আৰ চিক আদৰণি জনাইছে যদিও বহুতে এতিয়া খিলঞ্জীয়াৰ ৰক্ষাকৱচ বুলি অভিহিত কৰা NRC-এ বিদেশীক স্বদেশী কৰিলে বুলিহে মন্তব্য আগবঢ়াইছে।
প্ৰকাশিত NRC ক লৈ চৰম অসন্তুষ্টি ব্যক্ত কৰিলে APW এ। APW ৰ সভাপতি আভিজিৎ শৰ্মাই কয় – ‘বহুতে বিদেশীৰ নামত দালালি কৰিলে। আজি যি সকলে আনন্দ কৰিব সেই সকল বিদেশীৰ ৰক্ষক। জীৱনৰ দহটা বছৰ অথলে গ’ল আমাৰ। পাইলট প্ৰজেক্ট বন্ধ কৰা আমছুৱে আদৰণি জনালে, কি বুজিম?’ ৮৫৫জন শ্বহীদৰ বলিদান অথলে গ’ল। NRCৰ নামত টকা খোৱা সকলে মৰাৰ আগত হ’লেও বমি কৰিব লাগিব। ৪০ বছৰীয়া অপেক্ষাৰ পিছত অৰ্থহীন এই NRC। এইদৰে ক্ষোভ প্ৰকাশ কৰে অভিজিৎ শৰ্মাই।
NRC কলৈ সদৌ অসম ছাত্ৰ সন্থাইয়ো অসন্তুষ্টি প্ৰকাশ কৰে । সংবাদমেল সম্বোধন কৰি আছুৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত আসোঁৱাহ থাকি গ’ল বুলি মন্তব্য কৰে। ৰৈ যোৱা ক্ৰুটি নিৰাময়ৰ বাবে আছুৱে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলিও সংবাদমেলতেই উল্লেখ কৰে। সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আছুৰ সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈয়ে কয় যে, ‘চূড়ান্ত NRCক লৈ আছু সুখী নহয়। জাতীয় দায়িত্ব পালনত ব্যৰ্থ হ’ল ৰাজ্য চৰকাৰ। সুযোগ পায়ো হেৰুৱাইছে ৰাজ্য চৰকাৰে। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আপত্তি দাখিল নকৰিলে চৰকাৰে। চৰকাৰীভাৱে অবৈধ বিদেশীৰ নাম ন্যায়াধীকৰণলৈও প্ৰেৰণ নকৰাতোও চৰকাৰৰ অন্য এক ব্যৰ্থতা।’ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে, ‘ ৪০ বছৰে এই সমস্যাৰ সমাধান বিচাৰি আছো! সকলো চিন্তাত আছিলো, আশাত আছিলো, কিন্তু সমগ্ৰ প্ৰক্ৰিয়াটোত ক্ৰটি ৰৈ গ’ল!’
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|