NRC পুনৰীক্ষণত ধুবুৰীত বাদ পৰিছে ৮.২৬ শতাংশ লোকৰ নাম, সৰ্বাধিক ৩২.৯৯ শতাংশ লোকৰ নাম বাদ পৰিছে হোজাইত

তথ্য অনুসৰি NRCৰ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ পিছতো খিলঞ্জীয়া অধ্যূষিত জিলাতো বাদ পৰিছে বৃহৎ সংখ্যক লোকৰ নাম, তাৰ বিপৰীতে সীমান্তৱৰ্তী অতি স্পৰ্শকাতৰ বুলি পৰিচিত জিলাত দেখা গৈছে তাৰ বিপৰীত ছবি।

News18-Assam
Updated:August 1, 2019, 3:36 PM IST
NRC পুনৰীক্ষণত ধুবুৰীত বাদ পৰিছে ৮.২৬ শতাংশ লোকৰ নাম, সৰ্বাধিক ৩২.৯৯ শতাংশ লোকৰ নাম বাদ পৰিছে হোজাইত
Source- Google
News18-Assam
Updated: August 1, 2019, 3:36 PM IST
অসমীয়া খিলঞ্জীয়া ৰাইজৰ ৰক্ষা কৱচ বুলি পৰিচিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকলৈ অসম বিধানসভাৰ বাহিৰে ভিতৰে ব্যাপক চৰ্চা! বৃহস্পতিবাৰে অসম বিধানসভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দাঙি ধৰিছে এক তথ্য।  বিধানসভাত মন্ত্ৰীয়ে দাঙি ধৰা তথ্য অনুসৰি সৰ্বাধিক স্পৰ্শকাতৰ বুলি চিহ্নিত, ভাৰত–বাংলা সীমান্তৱৰ্তী জিলা ধুবুৰীত NRCত অন্তৰ্ভূক্ত হৈছে  ৯১.৭৪ শতাংশ লোকৰ নাম, সেইদৰে কৰিমগঞ্জ, হাইলাকান্দি, দক্ষিণ শালমৰা, বৰপেটা, নগাঁও জিলাত অন্তভূক্ত হৈছে ক্ৰমে ৯২.৩৩ শতাংশ, ৯১.৯৬ শতাংশ, ৯২.৭৮ শতাংশ, ৮৬.৬০ শতাংশ আৰু ৮৫.৮৮ শতাংশ লোকৰ নাম।



 

কিন্তু তাৰ বিপৰীতে খিলঞ্জীয়াৰ আধিপত্য থকা বুলি পৰিচিত কাৰ্বি আংলঙত ১৪.৩১ শতাংশ, শোণিতপুৰ জিলাত ১৭.৮৯ শতাংশ, পশ্চিম কাৰ্বি আংলঙত ১৫.৪৭ শতাংশ, বাক্সাত ১৫.৫৯ শতাংশ লোকৰ নাম বাদ পৰিছে NRCৰ পৰা।
আৰু চাওক পৰৱৰ্তী বাতৰি