অসমলৈ উভতিব NRC প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা ৷ তিনি বছৰৰ অন্তত পুনৰ অসমত যোগদান কৰিব হাজেলা ৷ হাজেলাৰ আগমনক লৈ আদৰণি অভিজিৎ শৰ্মা, হিতেশ দেৱ শৰ্মাৰ ৷
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ পিছত জীৱন সম্পত্তিৰ ভয়ত অসম এৰিছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা ৷ অসম এৰি মধ্যপ্ৰদেশত ডেপুটেশ্বন গৈছিল IAS বিষয়া গৰাকী ৷ তিনি বছৰৰ অন্তত পুনৰ অসম আগমনক লৈ স্বাভাৱিকতে উঠিছে কেতবোৰ প্ৰশ্ন ৷ কিয়নো শেহতীয়াকৈ কেগৰ প্ৰতিবেদনত NRC ভয়ংকৰ দুৰ্নীতিৰ তথ্য ফাদিল ৷ NRCৰ দুৰ্নীতিক লৈ হাজেলাৰ বিৰুদ্ধে পৃথকে পৃথকে গোচৰ অভিযোগ ৷ তেনে সময়ত ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোৰ্টত বল বুলি দাবী APWৰ অভিজিৎ শৰ্মাৰ ৷ কোটি টকীয়া দুৰ্নীতিৰ সাঙোৰ খোৱা হাজেলাৰ আগমন অসমৰ বাবে সচাকৈ আদৰণীয় ৷ অভিযোগৰ পাছতো বিগত তিনি তদন্ত নহোৱা দুৰ্নীতি বিষয় এতিয়া তদন্ত কৰিবলৈ সক্ষম হ'ব তদন্তকাৰী সংস্থা ৷ হাজেলাৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ এয়া প্ৰথম নহয় ৷ নগাঁৱৰ উপাযুক্ত কাৰ্য্যকালৰ পৰা ভালদৰে চিনি পায় বিৰোধীৰ উপ দলপতি ৰকিবুল হুছেইনে ৷ পিছে, হাজেলাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে ৰক্ষণাবেক্ষণ পোৱাৰ সন্দেহ ৰকিবুল হুছেইনৰ ৷ অসমত যোগদানৰ পূৰ্বে হাজেলাৰ বিৰুদ্ধে থকা সকলো অভিযোগ তদন্তৰ দাবী অখিল গগৈৰ ৷ তদন্ত নিস্পত্তি অবিহনে যোগদান কৰিবলৈ নিদিয়াৰ দাবী গগৈৰ ৷ পিছে, অসমীয়া আৱেগৰ সতে হেতালি খেলা হাজেলাৰ পক্ষত থিয় ৰাজ্যিক বিজেপিৰ সভাপতিৰ ৷ বিষয়া ৰূপে ক'ত কেতিয়া যোগদান কৰে সেয়া হাজেলাৰ নিজৰ বিষয় বুলি ওলোটা মন্তব্য কলিতাৰ ৷ এতিয়া প্ৰশ্ন হয় উচ্চতম ন্যায়লয়ত নিৰ্দেশত চলি থকা নাগৰিকপঞ্জীৰ দায়িত্ব নিযোজিত প্ৰতীক হাজেলাৰ বিৰুদ্ধে সঁচাকৈ তদন্ত কৰিবলৈ সক্ষম হ'ব নে চৰকাৰ, সেয়া সময়ত হে দেখা যাব ৷
Published by: Kokil Sarma
FIRST PUBLISHED : March 31, 2023, 15:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।