NRCৰ বাবে সাধাৰণ লোকসকলৰ হাৰাশাস্তিৰ সন্মুখীন হোৱা বিভিন্ন সময়ত আপুনি নিশ্চয় দেখিছে বা শুনিছে। এইবাৰ NRC–এ বিয়া ভাঙিলে এহাল প্ৰেমিক–প্ৰেমিকাৰ। প্ৰেমিকৰ নাম NRCৰ খচৰাত নথকাৰ বাবেই প্ৰেমিকাৰ পৰিয়ালে ভাঙিলে বিয়া। ঘটনাটো কাছাৰ জিলাৰ বেৰেঙ্গা নয়াগ্ৰামৰ।
দীৰ্ঘদিন ধৰি দিলোৱাৰ হুছেইন নামৰ যুৱকজনৰ প্ৰেম আছিল এগৰাকী যুৱতীৰ সৈতে। দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কৰ পিছত এখন সুখৰ সংসাৰ গঢ়াৰ সপোন দেখিছিল দুয়ো। সমাজক সাক্ষী কৰি দুয়ো মিলি এক হোৱাৰ আশা দুয়োৰে। কিন্তু দুয়োৰে সম্পৰ্কত বাধা হৈ থিয় দিলে পৰিয়াল।পৰিয়ালৰ অমান্তিৰ বাবে দুয়ো সিদ্ধান্ত ল’লে পলাই যোৱাৰ। আৰু সেইমতেই ১৬ আগষ্টত দুয়ো ঘৰ এৰি পলায়ন কৰে।
প্ৰেমিক–প্ৰেমিকাই পলায়ন কৰাৰ পিছত আত্মসন্মানৰ কথা আহিল দুয়োটা পৰিয়ালৰ। উপায়ন্তৰ হৈ দুয়োটা পৰিয়াল আলোচনাত বহিল। আলোচনাৰ অন্তত সিদ্ধান্ত ল’লে দুয়োৰে বিয়া পাতি দিয়াৰ। ইমানলৈ ঠিকেই আছিল। কিন্তু প্ৰেমিকাৰ পিতৃৰ এটা প্ৰশ্নৰ পিছতে লাগিল খেলিমেলি।
প্ৰেমিকাৰ পিতৃয়ে ল’ৰাৰ নাম NRCৰ খচৰাত আছেনে নাই চাব বিচাৰিলে। কিন্তু সেই কথাত অমান্তি হয় প্ৰেমিকৰ পৰিয়াল। পিছত প্ৰেমিকাৰ পৰিয়ালে খবৰ লৈ জানিব পাৰিলে যে প্ৰেমিক দিলোৱাৰৰ নাম অহা নাই NRCৰ খচৰাত। তাৰ পিছত সকলো ওলট–পালট।
লগে লগে ইউ টাৰ্ণ মাৰিলে প্ৰেমিকাৰ পৰিয়ালে। NRCত নাম নথকা ল’ৰাৰ সৈতে নিজৰ কন্যাক বিয়া দি ভৱিষ্যৎ বিপন্ন কৰিবলৈ অসন্মত হয় যুৱতীগৰাকীৰ পৰিয়াল। বিয়া ভাঙিল। কিন্তু কাহিনী ইমানতে শেষ হোৱা নাই।
ইয়াৰ পিছতে প্ৰেমিকাৰ পৰিয়ালে প্ৰেমিক দিলোৱাৰৰ বিৰুদ্ধে ৰুজু কৰিলে অপহৰণৰ গোচৰ। যুৱতীৰ পৰিয়ালৰ অভিযোগ দিলোৱাৰে অপহৰণ কৰিছে তেওঁলোকৰ কন্যাক। নিজ কন্যাক ওভতাই অনাৰ বাবে প্ৰেমিক দিলোৱাৰৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ আনি গোচৰ ৰুজু কৰে শিলচৰ সদৰ থানাত।
ইফালে, প্ৰেমিক পক্ষই দাবী কৰিছে যে NRCৰ বাবে প্ৰেমিকাৰ পৰিয়ালে বিয়া ভঙা নাই। দুয়োটা পৰিয়ালৰ মাজত হোৱা আলোচনাত যুৱতীগৰাকীৰ পিতৃয়ে ল’ৰাপক্ষক দাবী কৰিছিল ৫ লাখ টকা। ৫ লাখ টকা দিবলৈ অমান্তি হোৱা বাবেই বিয়া ভাঙিছে প্ৰেমিকাৰ পিতৃয়ে। NRCৰ নাম লৈ যি গোচৰ ৰুজু কৰিছে সেয়া ভিত্তিহীন। NRCৰ খচৰাত দিলোৱাৰৰ নাম নাথাকিলেও পৰিয়ালৰ বাকী সকলো সদস্যৰ নাম আছে। আৰু সম্পূৰ্ণ NRCত দিলোৱাৰৰ নাম অন্তৰ্ভুক্তিৰ বাবে সকলো প্ৰক্ৰিয়া সম্পন্ন হৈছে।
এই সমগ্ৰ ঘটনা সংঘটিত হয় প্ৰেমিক–প্ৰেমিকাৰ অলক্ষিতে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এইপৰ্যন্ত সন্ধান ওলোৱা নাই প্ৰেমিক–প্ৰেমিকা হালৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|