NRCক লৈ SCত শুনানি, আপত্তিজনক ফেচবুক পোষ্ট আঁতৰাব লাগিব হিতেশ দেৱ শৰ্মাই

News18 Assam | News18-Assam
Updated:January 6, 2020, 1:29 PM IST
NRCক লৈ SCত শুনানি, আপত্তিজনক ফেচবুক পোষ্ট আঁতৰাব লাগিব হিতেশ দেৱ শৰ্মাই
NRCৰ পৰা বাদ পৰা শিশুক ডিটেনশ্যন কেম্পলৈ নপঠিওৱাৰ নিশ্চিতি বিচাৰিলে ন্যায়ালয়ে

NRCৰ পৰা বাদ পৰা শিশুক ডিটেনশ্যন কেম্পলৈ নপঠিওৱাৰ নিশ্চিতি বিচাৰিলে ন্যায়ালয়ে

  • Share this:
NRCক লৈ আজি উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশৰ প্ৰথমটো শুনানি। NRCৰ নৱ নিযুক্ত সমন্বয়ক হিতেশ দেৱ শৰ্মাই ফেচবুকত NRC সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাখ্যা বিচাৰিলে উচ্চতম ন্যায়ালয়ে। সেই মন্তব্যসমূহ দৃষ্টিগোচৰ কৰিছিল বহু কেইজন আবেদনকাৰীয়ে।

আনহাতে NRCৰ পৰা বাদ পৰা শিশু সকলক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ নকৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে। সেই সন্দৰ্ভত অসম চৰকাৰক বাখ্যা প্ৰদান কৰিবলৈও নিৰ্দেশ দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে।

NRCৰ গোচৰৰ মুখ্য আবেদনকাৰী অসম পাব্লিক ৱৰ্কছে মঙলবাৰে উচ্চতম ন্যায়ালয়ত CAGৰ প্ৰতিবেদন দাখিল কৰিব। CAGৰ প্ৰতিবেদনত পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাৰ পৃষ্ঠপোষকতাত NRC সম্বন্ধীয় বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ কথাটো প্ৰতিফলন হোৱা বুলি দাবী কৰিছে APWৰ সভাপতি অভিজিত শৰ্মাই। সেই কেলেংকাৰীসমূহৰ উচিত তদন্তৰ দাবী জনাই আহিছিল APW–এ।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: January 6, 2020, 1:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading