
নিযুক্তি প্ৰক্ৰিয়াত ভাল ফলাফল কৰাৰ পিছতো ৰাজ্য চৰকাৰৰ সিদ্ধান্তই বিপদত পেলাইছে নিবনুৱা যুৱক যুৱতীক ৷
নিযুক্তি প্ৰক্ৰিয়াত ভাল ফলাফল কৰাৰ পিছতো ৰাজ্য চৰকাৰৰ সিদ্ধান্তই বিপদত পেলাইছে নিবনুৱা যুৱক যুৱতীক ৷
২০১৯ এনআৰচিৰ চুড়ান্ত তালিকা প্ৰকাশৰ পিছতে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছিল ২০০ খন নতুন বিদেশী ন্যায়াধীকৰনৰ গঠনৰ৷ এই নতুন ন্যায়াধীকৰণৰ বাবে বিগত বৰ্ষৰ আগষ্ট মাহত ৰাজ্য চৰকাৰে বিজ্ঞাপনো দিছিল ৷ ২০০০ পদৰ বাবে আবেদন কৰিছিল প্ৰায় ২ লক্ষাধিক শিক্ষিত যুৱক যুৱতীয়ে ৷ লিখিত পৰীক্ষা তথা মৌখিক পৰীক্ষাৰ অন্তত নিৰ্বাচিত কৰা হয় ১৬০০ যুৱক যুৱতীক ৷ যুৱক যুৱতী সকলে নিৰ্বাচিত হোৱা যুৱক যুৱতীৰ বহুতেই ব্যক্তিগত কোম্পানীত চাকৰি কৰি আছিল ৷ বিদেশী ন্যায়াধীকৰণত চাকৰি হোৱাৰ পিছতে সকলোৱে পূৰ্বৰ চাকৰি বাদ দি নতুন চাকৰিত যোগদান কৰিবলৈ আহিছিল ৷ কিন্তু ৰাজ্য চৰকাৰে বিগত ৫ মাহতো নিদিলে নিযুক্তি পত্ৰ ৷ বিদেশী ন্যায়াধীকৰণলৈ নিৰ্বাচিত হোৱা যুৱক যুৱতীয়ে বিগত ৫ মাহত কেইবাবাৰো জনতা ভৱনলৈ গৈছিল ৷ কিন্তু মুখ্যমন্ত্ৰী কাৰ্যালয়ে দিব নোৱাৰিলে কোনোধৰণৰ তথ্য ৷ অৱশেষত মূখ্যমন্ত্ৰীৰ OSD ৰ ভাষ্যত মুৰত সৰগ ভাঙি পৰিলে সকলোৰে ৷ কাৰন মূখ্যমন্ত্ৰীৰ OSD য়ে দিলে ভয়ংকৰ খবৰ ৷ যি সকল যুৱক যুৱতীয়ে এইটো চাকৰি লাভ কৰাৰ বাবে পুৰণি চাকৰি বাদ দি আহিছিল সেই সকলে দেখিছে দিনতে অন্ধকাৰ! OSD গৰাকীয়ে যুৱক যুৱতী সকলক নিযুক্তি প্ৰক্ৰিয়া বন্ধ হোৱাৰ কথা জনাই দিয়ে ৷ এতিয়া যিসকল যুৱক যুৱতীয়ে নিজৰ চাকৰি বাদ দি আহিছিল তেওঁলোকৰ কি কৰিব উৱাদিহ নোপোৱা হৈছে ৷ যুৱক যুৱতীসকলৰ বহুতেই উচ্চ শিক্ষিত ৷ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়কে ধৰি দেশৰ বহু কেইখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ পৰা শিক্ষা গ্ৰহন কৰিছে তেওঁলোকে ৷ ৰাজ্যৰ বাহিৰতো বহুতেই চাকৰি কৰি আছিল৷ কিন্তু ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰাৰ হঠকাৰী সিদ্ধান্তই বিপদত পেলাইছে তেওঁলোকক। প্ৰাৰ্থীসকলৰ প্ৰশ্ন,
‘যদি ১৬০০ যুৱক যুুুুুুৱতীকে নিযুক্তি দিব পৰা নাই, তেন্তে কেনেকৈ ৫৫ হাজাৰ লোকক চাকৰি দিব আপোনালোকে? মূখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোকে নিযুক্তি দিয়ক।’
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|