NRC প্ৰকাশলৈ মাজত মাথোঁ এদিন, এতিয়াও অব্যাহত আছে শুনানিৰ কাম–কাজ

এই সমগ্ৰ ঘটনাক নাটক আখ্যা আমছুৰ

News18-Assam
Updated:August 29, 2019, 4:18 PM IST
NRC প্ৰকাশলৈ মাজত মাথোঁ এদিন, এতিয়াও অব্যাহত আছে শুনানিৰ কাম–কাজ
এই সমগ্ৰ ঘটনাক নাটক আখ্যা আমছুৰ
News18-Assam
Updated: August 29, 2019, 4:18 PM IST
নিলয় ভট্টাচাৰ্য:  এন আৰ চিৰ চুড়ান্ত খচৰা প্ৰকাশলৈ মাজত মাত্ৰ এটা দিন বাকী থাকাৰ অৱস্থাতো এন আৰ চিৰ কৰ্তৃপক্ষই অব্যাহত ৰাখিছে শুনানিৰ কাম–কাজ। যোৱা ২৮ আগষ্টত অসমীয়া খিলঞ্জীয়াৰ দলিল স্বৰূপ  শুনানি কাম কাজ যোৱা ২৮ আগষ্টৰ বুধবাৰেই সমাপ্ত হোৱা কথা আছিল যদিও বিশ্বনাথ জিলাত একাংশ এন আৰ চিৰ সেৱা কেন্দ্ৰত বৃহস্পতিবাৰেও নাগৰিক পঞ্জীৰ শুনানিৰ কাম কাজ অব্যাহত থাকিল। ফলত এতিয়া সমংগ্ৰ বিশ্বনাথ জিলাতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

ইয়াৰ উপৰিও এতিয়া এন আৰ চি পুনৰীক্ষণৰ  নামত একাংশ লোক হাৰাশাস্তি কৰাৰো অভিযোগ উঠিছে । উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত তালিকা প্ৰকাশ দিন ১ মাহ পিছুৱাই দি ৩১ জুলাইৰ পৰিৱৰ্তে ৩১ আগষ্টত দিন ধাৰ্য্য কৰিছিল যদিও এন আৰ চি সেৱা কেন্দ্ৰ সমুহত ২৯ আগষ্ট লৈকে শুনানি গ্ৰহণ কৰি থকা কাৰ্য এতিয়া সহজ ভাৱে লব পৰা নাই বিশ্বনাথ দল সংগঠনে।



উচ্চতম ন্যায়ালয়ে এন আৰ চি চুড়ান্ত তালিকা প্ৰকাশৰ সময় সীমা বৃদ্ধিৰ আবেদন আৰু নমুনা পুনৰীক্ষণৰ বাবে কৰা আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰিছিল । শুনানিতে এন আৰ চিৰ চুড়ান্ত তালিকা প্ৰকাশৰ দিন ৩১ আগষ্ট বুলি ঘোষণা কৰিছে।



তেনে সময়তে বিশ্বনাথ চাৰিআলি সাকোমঠা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত  থকা এন আৰ চি সেৱা কেন্দ্ৰত বহু কেইগৰাকী ভুক্তভোগী মহিলা পুৰুষ পুৱাই শুনানি বাবে উপস্থিত হয়।কিন্তু আচৰ্যকৰ বিষয় যে ভুক্তভোগী সকলে শুনানি দিলে থিকেই কিন্তু নিজৰ নাম এন আৰ চিত নাহিব বুলি এতিয়া শংকা প্ৰকাশ কৰিছে ভুক্তভোগীয়ে । কাৰণ এন আৰ চি তালিকা প্ৰকাশৰ বাবে মাজত মাত্ৰ এটা দিন বাকী, তেন সময়ত ২৯ আগষ্টত শুনানি গ্ৰহণ কৰি কি দৰে ভুক্তভোগী সকলৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰিব তাক লৈ এতিয়া চিন্তিত ভুক্তভোগী ।

এই সমগ্ৰ ঘটনাক বিশ্বনাথৰ আমছুয়ে এক নাটক আখ্যা দিয়ে ।
আৰু চাওক পৰৱৰ্তী বাতৰি