ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকলৈ বিভিন্ন জনে বিভিন্ন প্ৰশ্ন উত্থাপন কৰাৰ সময়তে উন্মোচিত হৈছে অন্য এটা দিশ। নিজৰ পাপ্য বিচাৰি এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অধীনৰ কৰ্মচাৰীসকল। চাৰিমাহে দৰমহা পোৱা নাই NRCৰ ডাটা এণ্ট্ৰী অপাৰেটৰ সকলে। সেইদৰে অন্যন্য বহু কৰ্মচাৰীয়ে লাভ কৰা নাই প্ৰায় তিনি মাহৰ দৰমহা।
ৰাজ্য চৰকাৰে পুঁজি মোকলাই নিদিয়াৰ বাবেই কৰ্মচাৰী সকলে লাভ কৰা নাই দৰমহা। সেইদৰে প্ৰতীক হাজেলাক দায়িত্বৰ পৰা আতঁৰ কৰোৱাৰ পিছত নতুন সমন্বয়ৰক্ষীয়ে লোৱা নাই দায়িত্ব। ফলত এতিয়া মুৰব্বীহীন হৈ পৰিছে NRC ৰ কৰ্মচাৰীসকল।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 16, 2019, 12:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।