সঁচাকৈ পেলনীয়া কাগজত পৰিণত হ’ল নেকি NRC? প্ৰকাশৰ প্ৰায় এবছৰৰ পিছতো পোৱা নাই ‘LEGAL STATUS’

News18 Assam | News18-Assam
Updated:August 27, 2020, 9:02 PM IST
সঁচাকৈ পেলনীয়া কাগজত পৰিণত হ’ল নেকি NRC? প্ৰকাশৰ প্ৰায় এবছৰৰ পিছতো পোৱা নাই ‘LEGAL STATUS’
কি কাৰণত NRC কৰ্তৃপক্ষই নাম নথকাসকললৈ প্ৰেৰণ কৰা নাই ৰিজেকশ্যন শ্লীপ?

কি কাৰণত NRC কৰ্তৃপক্ষই নাম নথকাসকললৈ প্ৰেৰণ কৰা নাই ৰিজেকশ্যন শ্লীপ?

  • Share this:
৩১ আগষ্ট ২০১৯ত প্ৰকাশ পাইছিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ৷ ৩১ আগষ্টত সম্পূৰ্ণ এবছৰ হ'ব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ ৷ কিন্তু এইপৰ্যন্ত NRC প্ৰকাশ হোৱা বুলি নটিফাই কৰা নাই RGI-এ ৷ এই কথা পোহৰলৈ অহাৰ পিছতে বহুতে আশংকা কৰিছে যে, সঁচাকৈ পেলনীয়া কাগজ হ’বগৈ নেকি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী?

ইফালে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ এটা বছৰ হোৱাৰ পিছতো NRCত নাম নথকাসকললৈ ৰিজেকশ্যন শ্লীপ প্ৰেৰণ কৰা নাই NRC কৰ্তৃপক্ষই ৷

কি কাৰণত NRC কৰ্তৃপক্ষই নাম নথকাসকললৈ প্ৰেৰণ কৰা নাই ৰিজেকশ্যন শ্লীপ?

অনুসন্ধানত পোহৰলৈ আহিছে বহু কেইটা অপ্ৰিয় সত্য!

  • ডিছপ’জিং অফিচাৰে নাম কৰ্তন কৰি লিখা বহু স্পিকিং অৰ্ডাৰত আছে ব্যাপক খেলিমেলি ৷

  • স্পিকিং অৰ্ডাৰত থকা খেলিমেলিৰ পৰীক্ষা আজিও সম্পূৰ্ণ হোৱা নাই ৷



মূলতঃ এই দুটা কাৰণৰ বাবেই নাগৰিক পঞ্জী কৰ্তৃপক্ষই আজিও NRCত নাম নথকাসকললৈ প্ৰেৰণ কৰিব পৰা নাই ৰিজেকশ্যন শ্লীপ। ইফালে  NRC সন্দৰ্ভত News18ৰ হাতত আহি পৰা তথ্য অনুসৰি,  RGIএ আজিও NRC প্ৰকাশ হোৱাৰ নটিফাই কৰা নাই ৷ উল্লেখযোগ্য যে, নাগৰিকত্ব আইন ১৯৫১ৰ মতে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ হোৱা বুলি RGIএ কৰিব লাগে নটিফাই। কিন্তু RGIএ এই কাম নকৰাৰ ফলত NRC এ আজি পৰ্যন্ত পোৱা নাই LEGAL STATUS ৷

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ কৰা বুলি কেন্দ্ৰীয়  গৃহমন্ত্ৰী অমিত শ্বাহে সংসদৰ মজিয়াত উল্লেখ কৰাৰ পিছতো সেই একেখন চৰকাৰেই NRC প্ৰকাশ হ’ল বুলি কিয় নটিফাই কৰিবলৈ সাহস গোটাব পৰা নাই? ইয়াৰ আঁৰৰ কাৰণ কি?
Published by: Himangshu Bhuyan
First published: August 27, 2020, 9:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading