• Home
  • »
  • News
  • »
  • assam
  • »
  • NRCত অন্তৰ্ভুক্ত হ’ব ‘ডি’ ভোটাৰৰ নাম! কি চৰ্তত?

NRCত অন্তৰ্ভুক্ত হ’ব ‘ডি’ ভোটাৰৰ নাম! কি চৰ্তত?

‘ডি’ ভোটাৰজনে ইয়াৰ বাবে বিদেশী ন্যায়াধীকৰণে ভাৰতীয় ঘোষণা কৰা ৰায়ৰ প্ৰতিলিপি জমা দিব লাগিব এন আৰ চি কৰ্তৃপক্ষক।

‘ডি’ ভোটাৰজনে ইয়াৰ বাবে বিদেশী ন্যায়াধীকৰণে ভাৰতীয় ঘোষণা কৰা ৰায়ৰ প্ৰতিলিপি জমা দিব লাগিব এন আৰ চি কৰ্তৃপক্ষক।

‘ডি’ ভোটাৰজনে ইয়াৰ বাবে বিদেশী ন্যায়াধীকৰণে ভাৰতীয় ঘোষণা কৰা ৰায়ৰ প্ৰতিলিপি জমা দিব লাগিব এন আৰ চি কৰ্তৃপক্ষক।

  • Share this:
    বিদেশী ন্যায়াধীকৰণে ভাৰতীয় ঘোষণা কৰা ‘ডি’ ভোটাৰৰ নাম অন্তৰ্ভুক্ত হ’ব NRCত। এই সন্দৰ্ভত প্ৰতিখন জিলাৰ উপায়ুক্ত–ডি আৰ চিলৈ নিৰ্দেশনা জাৰি কৰিছে NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। ‘ডি’ ভোটাৰজনে ইয়াৰ বাবে বিদেশী ন্যায়াধীকৰণে ভাৰতীয় ঘোষণা কৰা ৰায়ৰ প্ৰতিলিপি জমা দিব লাগিব এন আৰ চি কৰ্তৃপক্ষক।

    প্ৰতীক হাজেলাই প্ৰেৰণ কৰা নিৰ্দেশনাত কোৱা হৈছে যে পূৰ্বে ‘ডি’ চিহ্ন উঠি যোৱা লোকে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে বিদেশী ন্যায়াধীকৰণে ভাৰতীয় ঘোষণা কৰা ৰায়ৰ প্ৰতিলিপি এন আৰ চি কৰ্তৃপক্ষক জমা দিব লাগিব। ভোটাৰ তালিকাৰ পৰা ‘ডি’ চিহ্ন উঠি নগ’লেও বিদেশী ন্যায়াধীকৰণে লোকজনক ভাৰতীয় বুলি ৰায় প্ৰদান কৰিলে সেই লোকজনৰ নাম অন্তৰ্ভুক্ত হ’ব নাগৰিকপঞ্জীত।

    উল্লেখযোগ্য যে ৰাজ্যত বিদেশী ন্যায়াধীকৰণৰ মজিয়াত ‘ডি’ ভোটাৰক লৈ চলি আছে কেইবালক্ষাধিক গোচৰ। এই গোচৰসমূহৰ সৰহসংখ্যকে নিষ্পত্তিহীন। অৱশ্যে যিসমূহ নিষ্পত্তি হোৱা গোচৰ তথা বিদেশী ন্যায়াধীকৰণে সন্দেহযুক্ত নাগৰিকৰ আবেদন খাৰিজ কৰিছে তেনে নাগৰিকৰ NRCত নাম অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত।

    যোৱা ৩০ জুলাইত প্ৰকাশ পাইছিল এন আৰ চিৰ সম্পূৰ্ণ খচৰা। ৩,২৯,৯১,৩৮৪ গৰাকী লোকে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰাৰ বিপৰীতে সম্পূৰ্ণ খচৰাত নাম অন্তৰ্ভুক্ত হৈছিল ২,৮৯,৮৩,৬৭৭ গৰাকীৰ নাম। সম্পূৰ্ণ খচৰাত বাদ পৰিছিল ৪০,০৭,৭০৭ গৰাকী লোকৰ নাম। বাদ পৰা লোকসকলৰ ভিতৰত ২.৪৮ লাখ ‘ডি’ ভোটাৰ আৰু বিদেশী ন্যায়াধীকৰণত গোচৰ চলি থকা লোক। অৱশ্যে পৰৱৰ্তী সময়ত ইয়াৰ বহুতেই ভাৰতীয় হিচাপে ঘোষিত হৈছে।
    Published by:Sanjay Kumar Das
    First published:

    শেহতীয়া বাতৰি