‘NRC–এ সমস্যা বঢ়ালেহে, NRCত বিদেশী সোমাল,বাদ পৰিল ভাৰতীয়ৰ নাম’

NRC প্ৰকাশৰ পিছতে সকলোৱে অসন্তুষ্টি ব্যক্ত কৰিছে, এয়া বিজেপি চৰকাৰৰ ব্যৰ্থতা: তৰুণ গগৈ

News18-Assam
Updated:August 31, 2019, 2:37 PM IST
‘NRC–এ সমস্যা বঢ়ালেহে, NRCত বিদেশী সোমাল,বাদ পৰিল ভাৰতীয়ৰ নাম’
Source-Google
News18-Assam
Updated: August 31, 2019, 2:37 PM IST
‘মই আগতেই সন্দেহ কৰিছিলোঁ শুদ্ধ NRC প্ৰকাশ নাপাই, আজি সত্য প্ৰমাণিত হ’ল! আছু সন্তুষ্ট আছিল কালিলৈকে,কিন্তু  আজি সন্তুষ্ট নহয় বুলি কৈছে আছুৱে। তেন্তে NRCক লৈ সন্তুষ্ট কোন?’

এনেদৰে NRC কলৈ চৰম অসন্তুষ্টি প্ৰকাশ কৰিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পিছত সংবাদমেল সম্বোধন কৰি শুদ্ধ এন আৰ চি প্ৰকাশ কৰিব নোৱাৰাৰ বাবে বিজেপি চৰকাৰকে জগৰীয়া কৰে তৰুণ গগৈয়ে।

‘NRC প্ৰকাশৰ পিছতে এতিয়া সকলোৱে অসন্তুষ্টি ব্যক্ত কৰিছে, এয়া বিজেপি চৰকাৰৰ ব্যাৰ্থতা! নাগৰিক পঞ্জীৰ পৰা বাদ পৰা  ১৯ লাখ মানুহৰ কি হ’ব? তেওঁলোক বিদেশী নে? বিদেশী নহ’লে, কিয় বিদেশী ন্যায়াধীকৰণলৈ যাব দিছে? চৰকাৰ নিজেই নিশ্চিত নহয় এই বিষয়ত। চিনাক্ত হোৱা বিদেশীয়ে চৰকাৰী সা–সুবিধা লাভ কৰিব নে নকৰে? যদি চৰকাৰী চাকৰিয়াল আছে, তেঁওলোকে কি কৰিব? বাদ পৰা লোক সকলে মাটি কিনিব পাৰিব নে নাই? এইবোৰ প্ৰশ্নৰ উত্তৰ কোনে দিব বুলি সংবাদমেলৰ জৰিয়তে চৰকাৰক প্ৰশ্ন কৰে তৰুণ গগৈয়ে।

তৰুণ গগৈয়ে লগতে কয় যে, বিজেপিয়ে সমগ্ৰ বিষয়টোৰ জৰিয়তে হিন্দু-মুছলমানৰ মাজত বিভাজন আনিব বিচাৰিছে। CAB যদি আনেই তেন্তে NRC কিয় লাগে বুলি মন্তব্য কৰে গগৈয়ে।

তৰুণ গগৈৰ মতে  প্ৰতীক হাজেলাৰ ওপৰত সমস্ত দোষ জাপি এতিয়া দায় সাৰিব বিচাৰিছে চৰকাৰে। গগৈয়ে লগতে উল্লেখ কৰে যে, NRC–এ সমস্যা বঢ়ালেহে, NRCত বিদেশী সোমাল,বাদ পৰিল ভাৰতীয়ৰ নাম!
আৰু চাওক পৰৱৰ্তী বাতৰি