• Home
  • »
  • News
  • »
  • assam
  • »
  • NRCক লৈ আন এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা, কি নিৰ্দেশ দিলে NRC কৰ্তৃপক্ষই?

NRCক লৈ আন এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা, কি নিৰ্দেশ দিলে NRC কৰ্তৃপক্ষই?

NRCত অন্তৰ্ভুক্ত হোৱা অবৈধ লোকৰ তথ্য লাগে ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাক৷ অযোগ্য (Ineligible) লোকৰ তথ্য বিচাৰি সকলো জিলা উপায়ুক্তলৈ পত্ৰ NRC কৰ্তৃপক্ষৰ।

NRCত অন্তৰ্ভুক্ত হোৱা অবৈধ লোকৰ তথ্য লাগে ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাক৷ অযোগ্য (Ineligible) লোকৰ তথ্য বিচাৰি সকলো জিলা উপায়ুক্তলৈ পত্ৰ NRC কৰ্তৃপক্ষৰ।

NRCত অন্তৰ্ভুক্ত হোৱা অবৈধ লোকৰ তথ্য লাগে ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাক৷ অযোগ্য (Ineligible) লোকৰ তথ্য বিচাৰি সকলো জিলা উপায়ুক্তলৈ পত্ৰ NRC কৰ্তৃপক্ষৰ।

  • Share this:
ইটোৰ পিছত সিটো নিৰ্দেশনা NRCৰ নৱনিযুক্ত সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ৷ দুদিন পূৰ্বে NRCৰে জড়িত DISPOSING OFFICER, LRCPRক NRCৰ পৰা অব্যাহতি দিবলৈ জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছিল সমন্বয়ক হিতেশ দেৱ শৰ্মাই৷ পুনৰ আন এক গুৰুত্বপুৰ্ণ নিৰ্দেশনা NRC কৰ্তৃপক্ষৰ৷ NRCত যে নোসোমাবলগীয়া লোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেয়া স্পষ্ট ৰূপত প্ৰকাশ পাইছে বুধবাৰে দিয়া নিৰ্দেশনাটোত৷

হিতেশ দেব শৰ্মাৰ স্বাক্ষৰ সম্বলিত নিৰ্দেশনাটোত প্ৰথমেই লিখিছে,"২০১৯ৰ ৩১আগষ্টত প্ৰকাশ হোৱা NRCত কিছু অযোগ্য (Ineligible Persons) লোকৰ নাম অন্তৰ্ভুক্ত হোৱা দৃষ্টিগোচৰ হৈছে৷"

পত্ৰখনত লগতে লিখিছে, "NRCত অন্তৰ্ভুক্ত নহ'বলগীয়া তেনে লোকৰ তালিকা আপোনালোকে ইতিমধ্যে আমাক দিছে৷ আপোনালোকে দিয়া সেই তালিকাখনত থকা সন্দেহযুক্ত লোকসকলৰ সম্পূৰ্ণ তথ্য প্ৰদানৰ অনুৰোধ জনোৱা হ'ল৷ কিয়নো সেইসকল লোকৰ নাম কিদৰে NRCত সোমাল সেয়া ৰহস্যজনক৷"



NRCৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই প্ৰতিগৰাকী জিলা উপায়ুক্তক বিষয়টো গুৰুত্বপূৰ্ণ হিচাপে গ্ৰহণ কৰি যিমান পাৰে সোনকালে তথ্য প্ৰদানৰ কথা উল্লেখ কৰিছে নিৰ্দেশনাটোত৷ বুধবাৰে দিয়া এই নিৰ্দেশনাটোক জৰুৰী নিৰ্দেশনা হিচাপে গ্ৰহণ কৰিবলৈ স্পষ্টভাৱে কোৱা হৈছে প্ৰতিগৰাকী উপায়ুক্তক৷ যিখিনি তথ্য লাভ কৰিব সেই তথ্য দেশৰ মহাপঞ্জীয়কক অৱগত কৰাব NRC কৰ্তৃপক্ষই৷

NRCত লাখ লাখ অবৈধ বিদেশীৰ নাম অন্তৰ্ভুক্ত হ'ল বুলি সময়ে সময়ে দাবী তুলি আহিছে বিভিন্ন দল–সংগঠনে৷ ২০১৯ৰ ৩১আগষ্টত প্ৰকাশ পোৱা NRCক লৈ সন্তুষ্ট নহয় শাসকীয় দল বিজেপি৷ বিষয়টোৱে চৰ্চা লাভ কৰিছিল অসম বিধানসভাৰ মজিয়াতো৷ প্ৰতীক হাজেলাক আঁতৰাই হিতেশ দেৱ শৰ্মাৰ ওপৰত NRCৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্ব প্ৰদান কৰাত সকলোৱে আশা কৰিছিল এখন শুদ্ধ NRCৰ৷

বুধবাৰে দিয়া নিৰ্দেশনাটোৱে বিদেশী মুক্ত NRCৰ ক্ষেত্ৰত এটা সবল খোজ বুলি ক'ব খুজিছে সচেতন লোকে৷ উল্লেখ্য যে, দুদিন পূৰ্বে ASSAM PUBLIC WORKSৰ সভাপতি অভিজিৎ শৰ্মাই এনে কিছু প্ৰসংগ আনি পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাক কঠোৰ সমালোচনা কৰিছিল৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি