অগ্নিভ গগৈ : অসম আৰু অসমীয়াৰ সুৰক্ষাকৱচ ৰূপে বিবেচিত হোৱা NRC ক লৈ সৃষ্টি হৈছে আন এক জটিলতাৰ | ৩১ আগষ্টত ভৱিষ্যত নিৰ্ধাৰণ নহয় NRC ৰ | এক বিশেষ সাংবিধানিক বিচাৰপীঠৰ ৰায়দানৰ ওপৰতহে নিৰ্ভৰ কৰিব অসম আৰু অসমীয়াৰ ভৱিষ্যত।
এতিয়া প্ৰশ্ন উত্থাপন হৈছে যোৱা ১৩ অগষ্টত উচ্চতম ন্যায়ালয়ৰ এক ৰায়দানৰ পিছত অথলে যাব নেকি NRC প্ৰক্ৰিয়া? পানীত পৰিব নেকি চৰকাৰৰ ২২ শ কোটি টকা?
আমাৰ হাতত আহি পৰিছে যোৱা ১৩ আগষ্টত উচ্চতম ন্যায়ালয়ে NRC সন্দৰ্ভত দিয়া ৰায়ৰ প্ৰতিলিপি | ৰায়দানটোৰ ১৮ নং পেৰাগ্ৰাফত স্পষ্টকৈ উল্লেখ কৰা হৈছে সাংবিধানিক বিচাৰপীঠত বিচাৰাধীন লেখ আবেদন নং ৫৬২/১২ গোচৰৰ ৰায়দানৰ ওপৰতহে নিৰ্ভৰ কৰিব NRC উন্নীতকৰণ প্ৰক্ৰিয়া। কিন্তু কি আছে এই লেখ আবেদনত ? জাতীয় মহাসংঘৰ আবেদনত উল্লেখ কৰা হৈছে নাগৰিকত্ব ভিত্তিবৰ্ষ ১৯৭১ৰ পৰিৱৰ্তে হব লাগে ১৯৫১ ।
তদুপৰি 71ৰ পিছত জন্মসূত্ৰে ভাৰতীয় নাগৰিকত্বৰ বিৰোধীতা কৰিছে জাতীয় মহাসংঘই। উচ্চতম ন্যায়ালয়ত এই আবেদন জনাইছিল সন্মিলিত মহাসংঘৰ সভাপতি মতিউৰ ৰহমানৰ লগতে আন ৫ আৱেদনকাৰীয়ে | আৱেদনকাৰীৰ প্ৰশ্ন আন ৰাজ্যত ভিত্তিবৰ্ষ ৫১, অসমত কিয় ৭১ ?
এই গোচৰটো এতিয়াও বিচৰাধীন উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ মজিয়াত আছে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়েও স্পষ্ট কৰিছে যে, সাংবিধানিক বিচাৰপীঠৰ ৰায়দানে নিৰ্ধাৰণ কৰিব NRC ৰ ভৱিষ্যত! ফলত এটা কথা স্পষ্ট হয় যে, ৰায়দান সন্মিলিত মহাসংঘৰ সপক্ষে হ’লে বিঘ্নিত হব NRC ৰ সমগ্ৰ প্ৰক্ৰিয়া! অথলে যাব অসমীয়াৰ ৰক্ষাকৱচ বুলি বিবেচিত NRC! পানীত পৰিব কেন্দ্ৰীয় চৰকাৰৰ ২২শ কোটি টকা!
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|