মুখ্যপৃষ্ঠা » খবৰ

» অসম

»প্ৰতীক হাজেলাৰ বিৰুদ্ধে CIDত গোচৰ APWৰ

প্ৰতীক হাজেলাৰ বিৰুদ্ধে CIDত গোচৰ APWৰ

News18 Assam | News18-Assam
Updated:June 23, 2021, 9:58 AM IST
প্ৰতীক হাজেলাৰ বিৰুদ্ধে CIDত গোচৰ APWৰ
APWয়ে লগতে কৈছে, ধনৰ অপব্যয়ৰ ব্যাখ্যা বিচাৰিলে এন আৰ চিৰ অডিট ৰিপর্টত চকু ফুৰালেই সকলো কথা জলজল পটপট হৈ জিলিকি উঠিব৷

APWয়ে লগতে কৈছে, ধনৰ অপব্যয়ৰ ব্যাখ্যা বিচাৰিলে এন আৰ চিৰ অডিট ৰিপর্টত চকু ফুৰালেই সকলো কথা জলজল পটপট হৈ জিলিকি উঠিব৷

  • Share this:
ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়াত একাংশ দেশদ্রোহী অবৈধ বিদেশীৰ ৰক্ষক ৰূপী পুঁজিপতি দালালৰ হৈ কাম কৰিছিল বুলি মহা অভিযোগ এন আৰ চিৰ প্রাক্তন মুখ্য সমন্বয়ক প্রতীক হাজেলাৰ বিৰুদ্ধে। এই প্ৰক্ৰিয়াটোত অসমত অবৈধভাৱে প্রৱেশ কৰি এক বিশেষ ৰাজনৈতিক গোষ্ঠীৰ ভোটবেংক হিচাপে ব্যৱহৃত হৈ থকা অবৈধ বিদেশী নাগৰিকক চিৰদিনলৈ এই ৰাজ্যৰ স্থায়ী নাগৰিকৰ মৰ্যাদা দি এন আৰ চিৰ যোগেদি ভাৰতীয়কৰণৰ এক ষড়যন্ত্ৰত লিপ্ত হোৱাৰো ভয়ংকৰ অভিযোগ প্রতীক হাজেলাৰ বিৰুদ্ধে।

APWৰ অভিযোগ, এই প্রক্রিয়াত পর্যায়ক্রমে উক্ত অবৈধ বিদেশীৰ ৰক্ষকৰূপী পুঁজিপতি দালাল চক্রৰ হাতোৰাত আবদ্ধ হৈ পৰিছিল প্ৰতীক হাজেলা, যাৰ দ্বাৰা হাজেলাই মনে বিচৰা সকলো বৈভৱ আদায় কৰিব পাৰিছিল আৰু বিনিময়ত এনে এক পানী নসৰকা প্রক্রিয়া আৰু ব্যৱস্থাপনা তৈয়াৰ কৰি লৈছিল য'ত এজনো অবৈধ বিদেশীৰ নাম যাতে বাদ পৰি নাযায় তাৰ বাবে  সৰ্বোচ্চ পন্থা হাতত লৈছিল আৰু সমগ্ৰ এই পদ্ধতিটোত ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে বৌদ্ধিক, সামাজিক, ন্যায়িক যি ব্যৱস্থাই প্রয়োজন নহওক কিয় অতি দক্ষতাৰে সেই ব্যৱস্থাপনা তৈয়াৰ কৰি লৈছিল।

লগতে APWৰ দাবী, প্রক্রিয়াটোৰ ব্যৱস্থাপনাৰ বাবে যিমান ধনৰ প্রয়োজন সিমান ধন বিভিন্ন চক্রান্তৰে ব্যয় কৰিছিল। APWয়ে লগতে কৈছে, ধনৰ অপব্যয়ৰ ব্যাখ্যা বিচাৰিলে এন আৰ চিৰ অডিট ৰিপর্টত চকু ফুৰালেই সকলো কথা জলজল পটপট হৈ জিলিকি উঠিব৷ প্ৰেছ বিজ্ঞপ্তিটোত APWয়ে লগতে আক্ষেপেৰে কৈছে,"আমি চিঞৰি আছো, প্ৰমাণ দিছো,  এজাহাৰ দাখিল কৰিছো। চৰকাৰক প্রতীক হাজেলাৰ বিৰূদ্ধে আইনী ব্যৱস্থা ল'ব পৰা সকলো পথ মুকলি কৰি দিয়াৰ পাছতো, আনহে নালাগে আমাৰ বিভিন্ন এজাহাৰৰ ওপৰত তদন্তকাৰী বিষয়াই যথেষ্ট পৰিমাণে তথ্য প্রমাণ সাজু কৰাৰ পাছতো আগৰ চৰকাৰৰ গৃহ বিভাগৰ প্রতীক হাজেলাৰ ওপৰত হাত দিবলৈ কলিজা নহ'ল। ইয়াৰ অন্যতম কাৰণ হ’ল আমি দুবছৰ আগতেই কৈ থোৱা গৃহ বিভাগত এৰি যোৱা প্রতীক হাজেলাৰ শাখা–প্রশাখাবোৰ। এই শাখা–প্রশাখাবোৰে হাজেলাৰ বিৰূদ্ধে যোৱা প্রতিটো তদন্তৰ ফাইল দিশপুৰত গাপ দি ৰাখিছিল। এই বিভিন্ন দিশবোৰৰ ওপৰত লক্ষ ৰাখি আমি আজি এখন নতুন এজাহাৰ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা  চমুকৈ চি আই ডিত দাখিল কৰিছোঁ।

এই এজাহাৰত প্রতীক হাজেলাই কিদৰে বাংলাদেশী মূলৰ অবৈধ নাগৰিককেই ডাটা এণ্ট্রী অপাৰেটৰ হিচাপে নিযুক্তি দি, ওপৰত কোনো বিষয়াই চালি চাব নোৱাৰা ছফটৱেৰ তৈয়াৰ কৰি সমগ্ৰ বংশ বৃক্ষ পৰীক্ষণ প্রক্রিয়াটোকেই এখন নাটকত পৰিণত কৰি দেশ আৰু জাতিক চৰম প্রতাৰণা কৰি  আঁভুৱা ভৰা এখন এন আৰ চি প্রকাশ কৰিলে সেয়া দৃষ্টিগোচৰ কৰি এক তদন্ত বিচাৰি আকৌ এবাৰ ৰাজ্য চৰকাৰৰ কাষ চাপিছো বুলি মন্তব্য এ পি ডব্লিউৰ।

বর্তমানৰ এন আৰ চি  ৰাজ্যিক সমন্বয়কগৰাকীয়ে দাখিল কৰা শপতনামাত স্পষ্ট উল্লেখ কৰা হৈছে যে এন আৰ  চিৰ বংশবৃক্ষ পৰীক্ষণৰ নামত হোৱা ফেমিলী ট্রি মেটচিঙত চল্লিশ শতাংশ ভুল আছিল, যি সাধাৰণ মানুহৰ ভুল (Human Error) হ’ব নোৱাৰে। ই এক সুপৰিকল্পিত সুনিয়ন্ত্রিত ষড়যন্ত্ৰ। প্রতীক হাজেলা ইয়াৰ নায়ক। এয়া এক দেশদ্রোহী অপৰাধ। এয়া অতি গুৰুত্বপূৰ্ণ কথা। আশা কৰিছো নতুন মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিষয়ত হস্তক্ষেপ কৰি প্ৰয়োজনত অভিজ্ঞ আৰক্ষী বিষয়াৰ দ্বাৰা এক বিশেষ তদন্তকাৰী গোট তৈয়াৰ কৰি হলেও এক পুংখানুপুংখ তদন্তৰ জৰিয়তে প্ৰকৃত সত্য পোহৰলৈ আনি দেশদ্রোহিতাৰ অপৰাধত অপৰাধীৰ ভূমিকা লোৱা প্রতীক হাজেলাক দোষী সাব্যস্ত হ’লে শাস্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনালো।

শেষত আকৌ এবাৰ উনুকিয়াই থলো যে সন্মানীয়  মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী ডাঙৰীয়াই যাতে এতিয়াও অসমৰ গৃহ বিভাগৰ বিভিন্ন স্তৰত প্রতীক হাজেলাৰ দালাল হিচাপে কোন কোন বিষয়াই কাম কৰি আছে সেয়া যেন নজৰ দিয়ে,  এইসকল সক্ষম হৈ থকালৈ শুদ্ধ এন আৰ চি প্ৰস্তুতকৰণৰ এক অলিক স্বপ্ন হৈ ৰ'ব ৷ – উল্লেখ প্ৰেছ বিজ্ঞপ্তিত।
Published by: Sanjay Kumar Das
First published: June 23, 2021, 9:58 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি