NRCৰ কৰ্তন খচৰাত নাম আহিছে নেকি? কি কৰিব আপুনি?

News18-Assam
Updated:June 26, 2019, 11:00 AM IST
NRCৰ কৰ্তন খচৰাত নাম আহিছে নেকি? কি কৰিব আপুনি?
অতিৰিক্ত কৰ্তন তালিকাত অন্তৰ্ভুক্ত হৈছে ১,০২,৪৬২জনৰ নাম। এন আৰ চিৰ বাবে অযোগ্য বিবেচিত হৈছিল এইসকল লোক।

অতিৰিক্ত কৰ্তন তালিকাত অন্তৰ্ভুক্ত হৈছে ১,০২,৪৬২জনৰ নাম। এন আৰ চিৰ বাবে অযোগ্য বিবেচিত হৈছিল এইসকল লোক।

  • Share this:
আজি প্ৰকাশ পালে NRCৰ অতিৰিক্ত কৰ্তন খচৰা। পূৰ্বে নাম অন্তৰ্ভুক্ত হোৱা ১,০২,৪৬২ জন লোকৰ নাম অন্তৰ্ভুক্ত হৈছে কৰ্তন খচৰাত। যিসকল লোকৰ নাম এই তালিকাত আহিছে তেওঁলোকে কি কৰিব? চিন্তাৰ কোনো কাৰণ নাই। কাৰণ NRC কৰ্তৃপক্ষই তেওঁলোকক প্ৰদান কৰিছে দাবী উত্থাপনৰ সুযোগ। ২০১৯ৰ ১১ জুলাইলৈ দাবী উত্থাপন কৰিব পাৰিব তালিকাত নাম থকা লোকসকলে। মনোনীত NRC সেৱা কেন্দ্ৰত উত্থাপন কৰিব পাৰিব নিজৰ দাবী। চূড়ান্ত NRC প্ৰকাশৰ পূৰ্বে শুনানিযোগে এই লোকসকলৰ দাবীসমূহ নিষ্পত্তি কৰা হ’ব। ৩১ জুলাইত প্ৰকাশ পাব চূড়ান্ত NRC।

উল্লেখযোগ্য যে আজি প্ৰকাশ পোৱা অতিৰিক্ত কৰ্তন তালিকাত অন্তৰ্ভুক্ত হৈছে ১,০২,৪৬২জনৰ নাম। এন আৰ চিৰ বাবে অযোগ্য বিবেচিত হৈছিল এইসকল লোক। ইয়াৰ ভিতৰত আছে ডি ভোটাৰ, ঘোষিত বিদেশী আৰু বিদেশী ন্যায়াধীকৰণত গোচৰ চলি থকা লোকৰ নাম। তালিকাত নাই দাবী আৰু আপত্তি নিষ্পত্তিৰ ফলাফল।
আৰু চাওক
পৰৱৰ্তী বাতৰি