মুখ্যপৃষ্ঠা » খবৰ

» অসম

»প্ৰকাশ পালে NRCৰ অতিৰিক্ত কৰ্তন খচৰা, খচৰাত ১,০২,৪৬২জনৰ নাম

প্ৰকাশ পালে NRCৰ অতিৰিক্ত কৰ্তন খচৰা, খচৰাত ১,০২,৪৬২জনৰ নাম

News18-Assam
Updated:June 26, 2019, 10:47 AM IST
প্ৰকাশ পালে NRCৰ অতিৰিক্ত কৰ্তন খচৰা, খচৰাত ১,০২,৪৬২জনৰ নাম
এই তালিকাত নাম অন্তৰ্ভুক্ত লোকসকলক দিয়া হ’ব দাবী উত্থাপনৰ সুযোগ। কৰ্তন তালিকাত নাম সন্নিৱিষ্ট লোকলৈ প্ৰেৰণ কৰা হ’ব জাননী।

এই তালিকাত নাম অন্তৰ্ভুক্ত লোকসকলক দিয়া হ’ব দাবী উত্থাপনৰ সুযোগ। কৰ্তন তালিকাত নাম সন্নিৱিষ্ট লোকলৈ প্ৰেৰণ কৰা হ’ব জাননী।

  • Share this:
প্ৰকাশ পালে NRCৰ অতিৰিক্ত কৰ্তন তালিকা। এন আৰ চিৰ বাবে অযোগ্য বিবেচিত লোকৰ নামেৰে প্ৰকাশ পালে কৰ্তন তালিকা। পূৰ্বৰ তালিকাত অন্তৰ্ভুক্ত হোৱা লোকৰ নাম কৰ্তন তালিকাত। এই তালিকাত ১ লাখ ২ হাজাৰ ৪৬২জন লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। ইয়াৰ ভিতৰত আছে ডি ভোটাৰ, ঘোষিত বিদেশী আৰু বিদেশী ন্যায়াধীকৰণত গোচৰ চলি থকা লোকৰ নাম। তালিকাত নাই দাবী আৰু আপত্তি নিষ্পত্তিৰ ফলাফল। অনলাইনযোগে www.nrcassam.nic.inত চাব পাৰিব এই কৰ্তন তালিকা। উপায়ুক্ত আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়তো উপলব্ধ হৈছে এই খচৰা।

এই তালিকাত নাম অন্তৰ্ভুক্ত লোকসকলক দিয়া হ’ব দাবী উত্থাপনৰ সুযোগ। কৰ্তন তালিকাত নাম সন্নিৱিষ্ট লোকলৈ প্ৰেৰণ কৰা হ’ব জাননী। ২০১৯ৰ ১১ জুলাইলৈ দাবী উত্থাপন কৰিব পাৰিব তালিকাত নাম থকা লোকসকলে। মনোনীত NRC সেৱা কেন্দ্ৰত উত্থাপন কৰিব পাৰিব দাবী। চূড়ান্ত NRC প্ৰকাশৰ পূৰ্বে শুনানিযোগে নিষ্পত্তি কৰা হ’ব দাবী। ৩১ জুলাইত প্ৰকাশ পাব চূড়ান্ত NRC।
First published: June 26, 2019, 10:47 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি