গুৱাহাটী কঁপালে নতুন পেন্সন নীতি (New Pension system)ক লৈ অসন্তুষ্ট সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাই। আজি এনপিএছ কৰ্মচাৰী সন্থাৰ আহ্বানত পুৰণি পেন্সন ব্যৱস্থা বাহাল ৰখাৰ দাবীত হাজাৰ হাজাৰ কৰ্মচাৰীয়ে মহানগৰীত তীব্ৰ প্ৰতিবাদ কৰে।
চৰকাৰৰ বিৰুদ্ধে আন্দোলনত নমা চৰকাৰী কৰ্মচাৰীসকলে পুৰণি পেন্সন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰক, New Pension System বাতিল কৰক শ্লোগানেৰে প্ৰতিবাদমুখৰ হৈ পৰে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত দিনৰ ১১ বজাত আৰম্ভ হোৱা কৰ্মচাৰী সন্থাৰ বৃহৎ প্ৰতিবাদী আন্দোলনত যোগ দিয়ে দেশৰ কেইবাজনো শীৰ্ষ নেতাই (protest against new pension policy)।
উল্লেখযোগ্য যে ২০০৪ চনৰ ১ জানুৱাৰীৰ পৰা দেশত প্ৰৱৰ্তন হৈছে নিউ পেন্সন চিষ্টেম। অসমত ২০০৫ চনৰ ফেব্ৰুৱাৰীত উঠাই দিছিল অৱসৰৰ পিছত পেন্সন ব্যৱস্থা।
তাৰ পিছতেই উমি উমি জ্বলি থকা জুই কুৰাই সৰ্বনাশ মাতিছিল ২০১৮ চনত, য'ত অসমত প্ৰায় তিনি লাখ পেন্সন বঞ্চিত কৰ্মচাৰীয়ে গঠন কৰিছিল সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থা।
ৰাজ্যৰ কেইবাজনো মন্ত্ৰীৰ সৈতে অচ্যুৎ হাজৰিকাৰ নেতৃত্বত হোৱা আলোচনাই ফল নিদিয়াত সন্থাই মঙলবাৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত সাব্যস্ত কৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী।
আন্দোলনত ভাগ লৈছিল অসমৰ কৰ্মাচাৰী পৰিষদৰ পৰা সম্পাদক তথা জ্যেষ্ঠ অধিবক্তা চৰণ ডেকায়ো। চৰন ডেকাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰে।
উল্লেখ্য, এনপিএছ কৰ্মচাৰী সন্থাৰ আন্দোলনকাৰীক প্ৰশাসনে পদযাত্ৰা কৰাৰ অনুমতি নিদিয়াত চৰকাৰৰ প্ৰতিনিধি হিচাপে মহানগৰ আয়ুক্তৰ হাততে স্মাৰক পত্ৰ প্ৰদান কৰে। মঙলবাৰৰ আন্দোলনত দেশৰ বিভিন্ন ৰাজ্যৰ শীৰ্ষ নেতাসকলৰ লগতে অসমৰ বিভিন্ন জিলাৰ কেইবাহাজাৰৰো অধিক কৰ্মচাৰীয়ে অংশ লৈছিল। চৰকাৰে শীঘ্ৰে ফলপ্ৰসূ সিদ্ধান্ত নল'লে কৰ্মচাৰীসকলে আকৌ বৃহৎ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি জনায়।
Published by: Gautam Barman
FIRST PUBLISHED : November 08, 2022, 21:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।