অহা ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব নাগালেণ্ডৰ সাধাৰণ নিৰ্বাচন৷ পাহাৰীয়া ৰাজ্যখনত নিৰ্বাচনৰ দিন ধাৰ্য কৰাৰ পিছতে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ৷ প্ৰাৰ্থিত্বপ্ৰয়াসীসকলক ইতিমধ্যে ৰাজনৈতিক দলসমূহে প্ৰদান কৰিছে দলীয় টিকট ৷
আগন্তুক নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে নেচনেল পিপল পাৰ্টি চমুকৈ এনপিপিএ(NPP)৷ দলটোৱে ইতিমধ্যে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে৷ প্ৰথম পৰ্যায়ত দলটোৱে ১২জন প্ৰাৰ্থীক প্ৰদান কৰিছে দলীয় টিকট৷
মন জিলাৰ ৪২নং ৱাকচিং সমষ্টিৰ বাবে NPP দলৰ পৰা টিকট লাভ কৰিছে যুৱ নেতা হোনাং জেচে৷ দলীয় টিকট লাভ কৰাৰ পিছত আজি নিজ সমষ্টিত উপস্থিত হয় যুৱ নেতাজন৷ অসম-নাগালেণ্ড সীমান্তৱৰ্তী নাগিনীমৰাৰ পৰা যুৱ নেতাজনক আদৰণি জনাই শতাধিক লোকে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।