নগাঁও মহাবিদ্যালয় (স্বায়ত্তশাসিত) (Nowgong College) ৰ Eco Club আৰু NSS গোটৰ উদ্যোগত আৰু আভ্যন্তৰীণ মানদণ্ড কোষৰ সহযোগত আজি মহাবিদ্যালয় চৌহদত হালধী গুড়ি, জেতুকাৰ গুড়ি, নাৰ্জি ফুলৰ ৰং, পিঠাগুড়ি, বীট, গাজৰ আদিৰ পৰা ৰং প্ৰস্তুত কৰি ‘দৌল উৎসৱ’ৰ প্ৰাক ক্ষণত এক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে প্ৰায় ডেৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে মানৱ শৃংখল সৃষ্টি কৰি ৰাসায়নিক পদাৰ্থৰে প্ৰস্তুত কৰা আবিৰ ব্যৱহাৰৰ পৰিৱৰ্তে প্ৰাকৃতিক ৰঙেৰে ফাকুৱা উৎসৱ পালন কৰিব বুলি শপত গ্ৰহণ কৰে।
উল্লেখ্য যে আজিৰ এই সজাগতামূলক কাৰ্যসূচীত নগাঁও পৌৰসভাৰ প্ৰতিনিধি উপস্থিত থাকি সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় আৰু ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীৰ মাজত বাঁহৰ ফিচকাৰী আৰু প্ৰাকৃতিক ৰং বিতৰণ কৰে। নগাঁও কলেজৰ এন.এছ.এছৰ কাৰ্যসূচী বিষয়া ড: ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা সজাগতামূলক কাৰ্যসূচীত অধ্যক্ষ ড: শৰৎ বৰকটকীয়ে আদৰণি ভাষণ প্ৰদান কৰে। ভাষণত ড: বৰকটকীয়ে নগাঁও কলেজৰ এই ব্যতিক্ৰমী কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ যোগেদি সমাজলৈ ৰাসায়নিকভাৱে প্ৰস্তুত কৰা আবিৰৰ পৰিৱৰ্তে প্ৰাকৃতিক ৰঙেৰে ফাকুৱা উৎসৱ উদযাপনৰ বাৰ্তা কঢ়িয়াই লৈ যাব বুলি আশা প্ৰকাশ কৰে।
ড: বৰকটকীয়ে লগতে কয় যে ৰাসায়নিক পদাৰ্থৰে প্ৰস্তুত কৰা আবিৰ মানৱ দেহৰ বাবে ক্ষতিকাৰক আৰু এই আবিৰে পৰিৱেশো প্ৰদুষিত কৰে। সেয়ে আজিৰ এই সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে কলেজ চৌহদৰ পৰা ‘প্ৰাকৃতিক ৰঙেৰে ফাকু খেলক আহক’ এক বাৰ্তা প্ৰেৰণ কৰিব বিচৰা হৈছে । অনুষ্ঠানটোৰ আঁত ধৰি ড: ভুৱন চুতীয়াই ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা, অনা-শিক্ষক কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰি কয় যে নগাঁও কলেজে প্ৰতিবছৰে ৰাসায়নিকভাৱে প্ৰস্তুত কৰা আবিৰৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।
ড: চুতীয়াই উপস্থিত সকলোকে ৰাসায়নিকভাৱে প্ৰস্তুত কৰা আবিৰ ব্যৱহাৰ নকৰাৰ শপত বাক্য পাঠ কৰায়। ইক’ক্লাবৰ সমন্বয়ক ড: প্ৰান্তিক শৰ্মা বৰুৱাই ছাত্ৰ-ছাত্ৰীসকলক থলুৱাভাৱে অতি সহজে প্ৰাকৃতিক ৰং প্ৰস্তুতকৰণৰ ওপৰত ব্যাখ্যা আগবঢ়ায়। আজিৰ এই সজাগতামূলক অনুষ্ঠানত নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰে ছাত্ৰ-ছাত্ৰীসকলক প্ৰাকৃতিকভাৱে প্ৰস্তুত ৰঙ সানি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন প্ৰাকৃতিকভাৱে প্ৰস্তুত আবিৰ সানি আনন্দ-উল্লাস প্ৰদৰ্শন কৰে।
অনুষ্ঠানত উপস্থিত থাকি পৌৰ সভাৰ উপ পৌৰপতি সীমান্ত বৰাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বাঁহেৰে নিৰ্মিত ফিচকাৰী বিতৰণ কৰি কয় যে নগাঁও পৌৰসভাৰ সহযোগত নগাঁও কলেজৰ এই ব্যতিক্ৰমী প্ৰয়াসে সমাজৰ বাবে এক ইতিবাচক বাৰ্তা কঢ়িয়াই লৈ যাব। উপ পৌৰপতি গৰাকীয়ে নগাঁও পৌৰসভাই উন্নয়নৰ সমানেই স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহা বুলিও মন্তব্য কৰে । আজিৰ এই অনুষ্ঠানত অধ্যাপক-অধ্যাপিকা, অনা শিক্ষক কৰ্মচাৰী, ডেৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আৰু নগাঁও পৌৰসভাৰ এটি দল উপস্থিত থাকে। এই অনুষ্ঠানৰ শেষত এন. এছ. এছ গোটৰ কাৰ্যসূচী বিষয়া ড: মানস জ্যোতি নিৰ্মলীয়াই শলাগৰ শৰাই আগবঢ়ায়।
ইপিনে নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, উপ-পৌৰপতি সীমান্ত বৰা, কাৰ্যবাহী বিষয়া প্ৰীতম ৰাজা শৰ্মাৰ লগতে পৌৰসভাখনৰ কেইবাটাও ৱাৰ্ডৰ মহলা আয়ুক্ত সহ এটি দল নগাঁও প্ৰেছ ক্লাবত উপস্থিত হৈ ৰাসায়নিক পদাৰ্থৰে প্ৰস্তুত কৰা ফাকুৰ পৰিৱৰ্তে হালধি, গজৰ, বীট, জেতুকা আদি প্ৰাকৃতিক ৰঙেৰে ফাকু খেলাত সজাগতা সৃষ্টিৰ বাবে সাংবাদিকসকলক আহ্বান জনায়। পৌৰসভাৰ তৰফৰ পৰা সাংবাদিকসকলক প্ৰাকৃতিক ৰং, বাঁহৰ ফিচকাৰী আদি উপহাৰ হিচাপে প্ৰদান কৰা হয়। আনহাতে নগাঁও পৌৰসভাৰ অন্তৰ্গত ৱাৰ্ড সমূহত পৌৰসভা কৰ্তৃপক্ষই ৰঙৰ উৎসৱ ফাকুৱাত ৰাসায়নিক পদাৰ্থৰে প্ৰস্তুত কৰা আবিৰৰ পৰিৱৰ্তে প্ৰাকৃতিক ৰঙেৰে প্ৰস্তুত কৰা ফাকু ব্যৱহাৰৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰে। নগাঁও পৌৰসভাই বিভিন্ন ৱাৰ্ডত সহস্রাধিক বাঁহেৰে নিৰ্মিত ফিচকাৰী বিতৰণ কৰে ।
Published by: Subham Goswami
FIRST PUBLISHED : March 06, 2023, 23:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।