• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘চাৰে সকলো জানিও বাধা নিদিলে’-নাওবৈচাৰ বিধায়কৰ ব্যক্তিগত সহায়কে প্ৰেমিকাক প্ৰতাৰণা কৰি বিয়া কৰালে অন্য যুৱতীক, ভুক্তভোগী যুৱতী কাষ চাপিল আৰক্ষীৰ

‘চাৰে সকলো জানিও বাধা নিদিলে’-নাওবৈচাৰ বিধায়কৰ ব্যক্তিগত সহায়কে প্ৰেমিকাক প্ৰতাৰণা কৰি বিয়া কৰালে অন্য যুৱতীক, ভুক্তভোগী যুৱতী কাষ চাপিল আৰক্ষীৰ

নাওবৈচা সমষ্টিৰ বিধায়কৰ ব্যক্তিগত সহায়কৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে এগৰাকী যুৱতী।

নাওবৈচা সমষ্টিৰ বিধায়কৰ ব্যক্তিগত সহায়কৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে এগৰাকী যুৱতী।

নাওবৈচা সমষ্টিৰ বিধায়কৰ ব্যক্তিগত সহায়কৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে এগৰাকী যুৱতী।

  • Share this:
নাওবৈচা সমষ্টিৰ বিধায়কৰ ব্যক্তিগত সহায়কৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে এগৰাকী যুৱতী। আনকি বিধায়কৰ স্থিতিকলৈও অসন্তুষ্ট যুৱতীগৰাকী। আচলতে ঘটনাটো প্ৰেমজনীত।

ডেৰ বছৰে এগৰকী যুৱতীৰ সৈতে প্ৰমৰ সম্পৰ্কত আছিল বিধায়কৰ ব্যক্তিগত সহায়কৰ।কিন্তু পিছত প্ৰেমিকাক প্ৰতাৰণা কৰি অন্য যুৱতীৰ সৈতে বিবাহ পাশত আবদ্ধ হ’ল নাওবৈচাবিধানসভা সমষ্টিৰ বিধায়কৰ ব্যক্তিগত সহায়ক নুৰুজ জামান।

এতিয়া নাওবৈছা বিধানসভা সমষ্টিৰ বিধায়ক মামুন ইমদাদুল হ'ক চৌধুৰীৰ ব্যক্তিগত সহায়ক নুৰুজ জামানৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে প্ৰতাৰিত প্ৰেমিকা। অভিযোগ বিগত দুমাহে প্ৰেমিকাৰ সৈতে কোনো যোগাযোগ কৰা নাছিল নুৰুজে।

যুৱতীৰ অভিযোগ, তেওঁলোকৰ প্ৰেমৰ কথা ভালদৰে জানিছিল বিধায়ক ইমদাদুল হ'ক চৌধুৰীয়ে। কিন্তু  তাৰ পিছতো নুৰুজ জামানক বাধা নিদিলে বিধায়ক চৌধুৰীয়ে। প্ৰেমত প্ৰতাৰিত হৈ এতিয়া যুৱতীগৰাকীয়ে  বিচাৰিছে আইনৰ সহায়। লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰাৰ লগতে উত্তৰ লখিমপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি সকলো কথা সদৰী কৰে যুৱতীগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published: