জুবিন গাৰ্গ ব্যক্তি হিচাপে বাৰে বাৰে বিতৰ্কত সোমায়। কাৰণ এটাই জুবিন গাৰ্গৰ কেতবোৰ আচৰণ।
জুবিন গাৰ্গ ব্যক্তি হিচাপে বাৰে বাৰে বিতৰ্কত সোমায়। কাৰণ এটাই জুবিন গাৰ্গৰ কেতবোৰ আচৰণ।
গান যিমানেই ভাল নহওক কিয় যিমানেই হৃদয়ৰ মাজত সোমাই থকা নহওক কিয় জুবিন গাৰ্গ ব্যক্তি হিচাপে বাৰে বাৰে বিতৰ্কত সোমায়। কাৰণ এটাই, জুবিন গাৰ্গৰ কেতবোৰ আচৰণ। এই দিশটোত জুবিন গাৰ্গৰ 'কেজুৱেল' দৃষ্টিভংগীয়ে এইবাৰ তেওঁৰ কাৰণে সমস্যাৰ সৃষ্টি কৰিছে। এইবাৰ আইনী মেৰপাকত সোমাই পৰিছে জুবিন। এটা ব্যক্তিগত চেনেলৰ এৱাৰ্ড শ্ব'ত এংকৰ হিচাপে থকা নিশিতা গোস্বামীৰ শৰীৰক লৈ কৰা শ্ৰুতিকটু মন্তব্যই ইতিমধ্যে মহিলা আয়োগৰ জৰিয়তে আৰক্ষীৰ কাষ পাইছেগৈ। অভিনেত্ৰী গৰাকীক বিব্ৰত আৰু অস্বস্তিত পেলোৱা এনে আচৰণক ধিক্কাৰ দিছে বিভিন্ন পক্ষই। বহুতৰ মতে জুবিন হ'লেই সকলো কথা এৰি দিয়াটো ভুল!
এই সকলো বিতৰ্কৰ মাজত জুবিনে অৱশেষত মুখ খুলিছে। জুবিনৰ মতে তেওঁ ধেমালি কৰিছিল কিন্তু 'চিৰিয়াছলি' লোৱা হ'ল। সংবাদমাধ্যমৰ আগত বেছি কথা নকৈ জুবিনে এশাৰী বাক্যৰে স্পষ্টীকৰণ দিয়ে।
তাৎপৰ্যপূৰ্ণ যে, নিশিতা গোস্বামীয়ে জুবিনে সেই অশ্ৰাব্য মন্তব্য কৰাৰ পিছত ষ্টেজত সহজভাৱেই চলাই নিছিল। হয়তো অপ্ৰস্তুত ভাব ঢাকিবলৈ তেওঁ একো বাট পোৱা নাছিল।
ইয়াৰ পিছত নিশিতাই ছচিয়েল মিডিয়াত এটা পোষ্টত নাৰীক সন্মান কৰিবলৈ আহ্বান জনায়। একো নিলিখি কেৱল হাতজোৰ কৰি থকা 'ইমজিৰে' নিশিতাই এখন ছবি পোষ্ট কৰি মনৰ ভাৱ ব্যক্ত কৰিছিল।
জুবিন গাৰ্গৰ পৰা আগলৈ অলপ বেছি সংবেদনশীলতাৰ আশা অনুৰাগীৰ!
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|