‘অসমৰ যুৱপ্ৰজন্মই এতিয়া আগ্নেয়াস্ত্ৰ বাদ দি কৃষিকৰ্মত ধৰিছে’

ফুলগুৰিৰ ধেৱাৰ ১৫৮ সংখ্যক স্মৃতি দিৱসত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াৰ

News18-Assam
Updated:October 20, 2019, 5:27 PM IST
‘অসমৰ যুৱপ্ৰজন্মই এতিয়া আগ্নেয়াস্ত্ৰ বাদ দি কৃষিকৰ্মত ধৰিছে’
ফুলগুৰিৰ ধেৱাৰ ১৫৮ সংখ্যক স্মৃতি দিৱসত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াৰ
News18-Assam
Updated: October 20, 2019, 5:27 PM IST
নীলোৎপল বৰা: অসমৰ যুৱ প্ৰজন্মই এতিয়া আগ্নেয়াস্ত্ৰ বাদ দি কৃষিকৰ্মক আদৰি লৈছে। যিসকলে সঁচা অৰ্থত অসমক ভাল পাই জংঘললৈ গৈছিল তেঁওলোকে ঘূৰি আহি এতিয়া কৃষিকৰ্মত ধৰিছে। সেয়ে এতিয়া ছিপাঝাৰত সেউজ বিপ্লৱ গঢ় লৈ উঠিছে। অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়েও স্বাৱলম্বী হোৱাত তেঁওলোকক সহায় কৰিছে।



ফুলগুৰিৰ ধেৱাৰ ১৫৮ সংখ্যক স্মৃতি দিৱসত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াৰ। অভিনেতা গৰাকীয়ে শৈশৱৰ কথা সোঁৱৰি মঞ্চত আৱেগিক হৈ পৰে। অনাগত দিনবোৰত অভিনয় এৰি তেঁও নিজকে কৃষিকৰ্মত নিয়োজিত কৰিব বুলিও ফুলগুৰিৰ কৃষক সভাত মন্তব্য কৰে জনপ্ৰিয় অভিনেতা গৰাকীয়ে
আৰু চাওক পৰৱৰ্তী বাতৰি