• Home
  • »
  • News
  • »
  • assam
  • »
  • Toll Gate : ১ এপ্ৰিলৰ পৰা টোলগে’টত ভৰিব লাগিব অধিক ধন, কিমান বেছিকৈ ভৰিব লাগিব আপুনি জানি লওক

Toll Gate : ১ এপ্ৰিলৰ পৰা টোলগে’টত ভৰিব লাগিব অধিক ধন, কিমান বেছিকৈ ভৰিব লাগিব আপুনি জানি লওক

ৰাজ্যত আন টোলগে’টসমূহৰ সমান্তৰালকৈ সোণাপুৰৰ নাজিৰাখাটস্থিত টোলগেট’তো পূৰ্বৰ তুলনাত ভৰিব লাগিব অধিক ধন৷

ৰাজ্যত আন টোলগে’টসমূহৰ সমান্তৰালকৈ সোণাপুৰৰ নাজিৰাখাটস্থিত টোলগেট’তো পূৰ্বৰ তুলনাত ভৰিব লাগিব অধিক ধন৷

ৰাজ্যত আন টোলগে’টসমূহৰ সমান্তৰালকৈ সোণাপুৰৰ নাজিৰাখাটস্থিত টোলগেট’তো পূৰ্বৰ তুলনাত ভৰিব লাগিব অধিক ধন৷

  • Share this:
১ এপ্ৰিলৰ পৰা টোলগে’টসমূহত বৰ্তমানতকৈ অধিক হাৰত দিব লাগিব ধন। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিলে জাননী। ৰাজ্যত আন টোলগে’টসমূহৰ সমান্তৰালকৈ সোণাপুৰৰ নাজিৰাখাটস্থিত টোলগেট’তো পূৰ্বৰ তুলনাত ভৰিব লাগিব অধিক ধন৷

টোলগে’টেৰে কাৰ, জীপ, লঘু যান–বাহন এবাৰ প্ৰৱেশ কৰিলে পূৰ্বতে ১১০টকা আদায় দিব লগা হৈছিল যদিও এতিয়া ১১৫টকা আদায় দিব লাগিব। ইয়াৰ বিপৰীতে ২৪ ঘন্টাত অহা-যোৱাৰ বাবদ পূৰ্বতে ১৬৫ টকা আছিল এতিয়াৰে পৰা ১৭৫ টকা আদায় দিব লাগিব। অন্যান্য ব্যৱসায়িক লঘু যান–বাহনৰ এবাৰত ১৭৫ টকা আৰু অহা-যোৱাৰ ২৬৫ টকা পূৰ্বতে নিৰ্ধাৰণ কৰা হৈছিল এতিয়াৰে পৰা এবাৰত ১৮৫ টকা আৰু অহা-যোৱাৰ বাবদ ২৮০ টকা আদায় দিব লাগিব।

একেদৰে বাছ-ট্রাকৰ ক্ষেত্ৰত টোলেৰে পূৰ্বতে প্ৰৱেশ মাচুল ৩৭০ টকাৰ বিপৰীতে ২৪ ঘন্টাৰ ভিতৰত অহা-যোৱাৰ বাবদ ৫৫৫ টকা নিৰ্ধাৰণ কৰা হৈছিল আৰু এতিয়াৰে পৰা প্ৰৱেশ মাচুল ৩৯৫ টকাৰ লগতে ২৪ ঘণ্টাৰ ভিতৰত অহা–যোৱা কৰাৰ বাবদ ৫৯০ টকা আদায় দিব লাগিব।

আনহাতে, থ্ৰী এক্সেলছ বাণিজ্যিক যান-বাহনৰ টোলৰ এবাৰ প্ৰৱেশ মাচুল ৪০৫ টকাৰ বিপৰীতে  ২৪ ঘন্টাত অহা-যোৱাৰ বাবদ ৬০৫ টকা টোল আদায় দিব লাগিছিল। কিন্তু এতিয়াৰে পৰা ইয়াৰ পৰিমাণ হ’লগৈ ৪৩০ টকা আৰু ২৪ ঘণ্টাত অহা- যোৱাৰ বাবদ ৬৪০ টকা৷ নিৰ্মাণ সামগ্ৰী কঢ়িওৱা বাহন, ডাম্পাৰ  আদিৰ এবাৰ প্ৰৱেশ মূল্য ৫৮০ টকাৰ বিপৰীতে অহা-যোৱাৰ বাবদ ৮৭০ টকা আছিল যদিও এতিয়া প্ৰৱেশ মাচুল ৬১৫ টকাৰ বিপৰীতে ২৪ ঘণ্টাৰ ভিতৰত অহাযোৱা কৰিলে ৯২৫ টকা দিব লাগিব।

আকৌ অত্যধিক তথা বৃহৎ আকাৰৰ যান–বাহনৰ এবাৰ প্ৰৱেশ মাচুল ৭০৫ টকাৰ বিপৰীতে ২৪ ঘন্টাৰ ভিতৰত অহা-যোৱাৰ বাবদ ১০৬০ টকা আদায় দিব লগা হৈছিল যদিও নতুন নিৰিখ অনুসৰি ইয়াৰ পৰিমাণ হ’লগৈ এবাৰ প্ৰৱেশত ৭৫০টকাৰ বিপৰীতে ২৪ ঘণ্টাৰ ভিতৰত অহা-যোৱা কৰিলে আদায় দিব লাগিব ১১২৫টকা। মূল্যবৃদ্ধিয়ে জুৰুলা কৰা সাধাৰণ নাগৰিকৰ ওপৰত টোলগে’টৰ মাচুল বৃদ্ধিয়ে যে ব্যাপক প্ৰভাৱ পেলাব সেয়া নিশ্চিত।
Published by:Sanjay Kumar Das
First published: