• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমত আবদ্ধ বহিঃৰাজ্যৰ লোকৰ দায়িত্ব নলয় অসম চৰকাৰেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমত আবদ্ধ বহিঃৰাজ্যৰ লোকৰ দায়িত্ব নলয় অসম চৰকাৰেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আটাইতকৈ কঠিন সময়ত আমি এতিয়াহে ভৰি দিছোঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আটাইতকৈ কঠিন সময়ত আমি এতিয়াহে ভৰি দিছোঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আটাইতকৈ কঠিন সময়ত আমি এতিয়াহে ভৰি দিছোঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

  • Share this:
এতিয়া ৰাজ্যলৈ উভতি আহিছে বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকল।  প্ৰত্যেকদিনাই ঘৰলৈ উভতিছে শ শ লোক। ফলত সীমান্তত এতিয়া দিন ৰাতি একাকাৰ কৰিছে আৰক্ষী তথা স্বাস্থ্য বিভাগৰ বহু কৰ্মীয়ে। কিন্তু অসমত আবদ্ধ হৈ থকা বহিঃৰাজ্যৰ লোকসকলৰ দায়িত্ব নলয় অসম চৰকাৰে। কিন্তু আন ৰাজ্যই বিচাৰিলে সহায় কৰিব অসম চৰকাৰে। এই মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনে এতিয়াহে আটাইতকৈ কঠিন সময়ত ভৰি দিছে বুলি মন্তব্য কৰে।

বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে।  মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, 

  • এতিয়ালৈ ৩৭৫খন পাছ অসম আৰক্ষীয়ে ইছ্যু কৰিছে।

  • আজি ৰাজস্থান আৰু গুজৰাটৰ পৰা আহি পাবহি বহু লোক। আজিৰ দিনটোত ১০০০ মানুহ আহিব বুলি আশা কৰিছো ।

  • ৰেড জ’নৰ পৰা অহা সকলক হোটেলত ৰখাৰ ব্যৱস্থা কৰা হৈছে। সেইদৰে কোৰোণা পৰীক্ষাত নিগেটিভ ওলোৱা সকলক ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে।

  • যদি ৰেড জনৰ পৰা অহা নাই তেন্তে হাতত কোৱাৰেণ্টাইন ষ্টাম্প মাৰি পঠিয়াই দিয়া হৈছে।

  • বাহিৰৰ পৰা অহাসকলৰ বাবে ৰাজ্যৰ ৫টা স্থানত চেন্টাৰ কৰা হৈছে, মানুহ বেছি হ'লে চেন্টাৰ বঢ়াব লাগিব। নেহেৰু ষ্টেডিয়ামলৈ যোৱাৰ প্ৰয়োজনীয়তা আহিব পাৰে।

  • বুধবাৰে ৩খন বাছ পলাইছিল, ৰাতি ধৰা হৈছে।এতিয়া শ্ৰীৰামপুৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া  কৰা হৈছে।

  • শ্ৰীৰামপুৰত বাহিৰৰ পৰা অহা চালকৰ নথি পত্ৰ ৰখা হ'ব, উভতি যাওতে লৈ যাব পাৰিব।

  • অসমত আবদ্ধ বহিঃৰাজ্যৰ লোকক নিয়াৰ ক্ষেত্ৰত অসম চৰকাৰে দায়িত্ব নলয়, যদি আন ৰাজ্যই ব্যৱস্থা লয় অসম চৰকাৰে সহায় কৰিব।

First published: