মুখ্যপৃষ্ঠা » খবৰ

» অসম

»'মাটি দখলেই নহয়, মানুহ ৰপ্তানি কৰাৰ ষড়যন্ত্ৰ চলি আছে ৰাজ্যত'- কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

'মাটি দখলেই নহয়, মানুহ ৰপ্তানি কৰাৰ ষড়যন্ত্ৰ চলি আছে ৰাজ্যত'- কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

News18 Assam | News18-Assam
Updated:September 25, 2021, 1:54 PM IST
'মাটি দখলেই নহয়, মানুহ ৰপ্তানি কৰাৰ ষড়যন্ত্ৰ চলি আছে ৰাজ্যত'- কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীক পুনৰ এবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল।

শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীক পুনৰ এবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল।

  • News18 Assam
  • Last Updated: September 25, 2021, 1:54 PM IST
  • Share this:
ছিপাঝাৰৰ গৰুখুঁটিৰ কাণ্ডকলৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত স্পষ্টীকৰণ দিয়াৰ লগতে উচ্ছেদ চলিবই বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীক পুনৰ এবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল। ছিপাঝাৰত উচ্ছেদিত জনতাক কংগ্ৰেছ আৰু AIUDFয়ে উচতনি দিয়াৰ অভিযোগ উত্থাপিত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,  'ৰাহুল গান্ধীৰ ধাৰণা অসমীয়াক বিদায় দিয়া। কংগ্ৰেছে অসমীয়া কথা শুনা নাই, অসমীয়া বিদায় দিব বিচাৰিছে। এনেও ১০ বছৰৰ পিছত সাম্প্ৰদায়িকতা হ'বলৈ গৈ আছে। যিখিনি সময় মোক দিছে,তাৰ উচিত ব্যৱহাৰ হ'ব।'

মাটি দখলেই নহয়, মানুহ ৰপ্তানি দিয়াৰ এক ষড়যন্ত্ৰ চলি আছেঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, 'ৰাজ্যত এতিয়া কেৱল মাটি দখলেই নহয়, মানুহ ৰপ্তানি দিয়াৰো এক ষড়যন্ত্ৰ চলি আছে। আৰু এই সকলোবোৰ ষড়যন্ত্ৰৰ আঁৰত কংগ্ৰেছ। এইবাৰো বহুত ডাঙৰ পৰিকল্পনা। এতিয়া ছিপাঝাৰ আৰু বৰচলা, এই দুটা সমষ্টি টাৰ্গেট হৈছে। এই সকলোবোৰ মাটি দখল কৰা লোক দলগাওঁ আৰু মংগলদৈৰ। মাটি দখলৰ বহুত ডাঙৰ পৰিকল্পনা চলি আছে।'
Published by: Himangshu Bhuyan
First published: September 25, 2021, 1:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি