চৰকাৰী বিদ্যালয়ত মেট্ৰিক পৰীক্ষাৰ ফলাফল এইবাৰো আশা কৰা ধৰণে নহ'ল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি নিম্নমানৰ ফলাফল পদৰ্শন কৰা ৰাজ্যৰ ১০২ খন শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক তথা মুৰব্বীক কৈফিয়ৎ তলব কৰিছে অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ে।
শূন্য উত্তীৰ্ণ আৰু ১০ শতাংশতকৈ কম উত্তীৰ্ণ বিদ্যালয়ৰ মুৰব্বীৰ বিৰুদ্ধে কিয় অনুশাসনমূলক ব্যৱস্থা লোৱা নহ'ব সেই সন্দৰ্ভত ৭ দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে। তাৰ মাজতে এইবাৰ চৰকাৰী বিদ্যালয়ৰ দুৰ্বল ফলাফলৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে আনকি বিদ্যালয়সমূহৰ ক্ষেত্ৰত অধিক কঠোৰ হোৱাৰো ইংগিত দিয়ে।
মুখ্যমন্ত্ৰীয়ে কয় যে, শিক্ষকৰ বিৰুদ্ধে কঠোৰ হ'ব বিচাৰিলে সাংবাদিকে মাজত সোমাই দিয়ে। দুবছৰ যদি শিক্ষকৰ মাজত সাংবাদিক নোসোমাই তেন্তে এশ শতাংশ পাছ হৈ যাব।চৰকাৰে মৰম স্নেহ কৰিলে দুবছৰৰ ভিতৰত পৰিৱৰ্তন হ'ব। মই আৰম্ভ কৰিছিলো শিক্ষামন্ত্ৰী থাকোতেই। প্রধান শিক্ষকক মাতি মদ খোৱা জনক ৰজহুৱাকৈ কয় দিছিলো কিন্তু, আপোনালোকে মাজত সোমাই গ'ল। আপোলোকে মাজত সোমোৱাৰ বাবে মই বাদ দি দিলো। শিক্ষকসকলে মৰ্যদা বান্ধি ল'লেহে সন্মান পাব। শিক্ষকসকলে এল আই চি এজেণ্ট কৰিবনে শিক্ষকতা কৰিব? সিদ্ধান্ত তেওঁলোকক লওক। নহ'লে ফলাফল কেনেকৈ ভাল হব? শিক্ষক সকলে ধৰ্ণা দিলে দেওবাৰে দিয়ক। স্কুল খোলা দিনত কিয় দিয়ে?
মুখ্যমন্ত্ৰীয়ে পুনৰ কয়, শিক্ষকৰ ক্ষেত্ৰত আমি কঠোৰ হ'লে আপোনালোকেই আমাক সমালোচনা কৰে। TALK SHOW পাতে, শিক্ষকসকল আন্দোলনত নামে। আমাক মাত্ৰ দুটা বছৰ দিয়ক। তাৰ পাছত দেখিব ১০০ শতাংশই ভাল ৰিজাল্ট হৈছে।”
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|