বালাকোটৰ দৰেই কাজিৰঙাতো হ'ব ছাৰ্জিকেল ষ্টাইক!

চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা হ'ব ছাৰ্জিকেল ষ্টাইক

News18-Assam
Updated:August 27, 2019, 6:41 PM IST
বালাকোটৰ দৰেই কাজিৰঙাতো হ'ব ছাৰ্জিকেল ষ্টাইক!
চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা হ'ব ছাৰ্জিকেল ষ্টাইক
News18-Assam
Updated: August 27, 2019, 6:41 PM IST
বিজু কুমাৰ ডেকা: বিশ্ব বিখ্যাত এশিঙিয়া গড়ৰ বসতিস্থল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ছাৰ্জিকেল ষ্টাইক চলোৱা হ'ব ৷ চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা হ'ব এই ছাৰ্জিকেল ষ্টাইক ৷ কিন্তু কেনেকৈ?

বালাকোট ! বালাকোটত চলিছিল ছাৰ্জিকেল ষ্টাইক ৷ পাকিস্তানৰ বালাকোটত বিগত ২৬ ফেব্ৰুৱাৰীত ভাৰতীয় সেনাই ভাৰতীয় সেনাই চলাইছিল ভয়ংকৰ ছাৰ্জিকেল ষ্টাইক ৷

এতিয়া বালাকোটৰ আৰ্হিতে ছাৰ্জিকেল ষ্টাইক চলিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷ এই কথা News18ক জনাই ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷

অসম গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বিশ্ব বিখ্যাত এশিঙিয়া গড়ৰ বসতিভূমি কাজিৰঙা ৷ কিন্তু প্ৰতি বছৰে চোৰাং চিকাৰিয়ে হত্যা কৰি আহিছে গড় আৰু অন্যান্য দুস্পাপ্য জীৱ-জন্তু। এই পৰ্যন্ত গড় হত্যা ৰোধ কৰিবলৈ সক্ষম হোৱা নাই অসম চৰকাৰ ৷ সেয়া, বালাকোটৰ দৰে ছাৰ্জিকেল ষ্টাইক চলাবলৈ প্ৰস্তুতি চলাইছে ৰাজ্যৰ বন বিভাগে ৷ এই প্ৰস্তুতি অতি গোপনে আৰম্ভ কৰিছে ৷ এইক্ষেত্ৰত বালাকোটত ছাৰ্জিকেল ষ্টাইক চলোৱাত ভাৰতীয় সেনাক সহায় কৰা কোম্পানীটোৱে সহায় কৰিব বন বিভাগক ৷

“ইতিমধ্যে সংশ্লিষ্ট কোম্পানীটোয়ে কাজিৰঙাত চাৰ্ভেৰ কাম আৰম্ভ কৰি দিছে ৷ কোম্পানীটো পইচাৰ বাবে অসমলৈ অহা নাই ৷ ভাল কাম কৰিবলৈ তেওঁলোকে বিচাৰিছে ৷ আমি তেওঁলোকৰ পদক্ষেপক আদৰণি জনাইছো” - News18ক এনেদৰেই জনালে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

বালাকুটত সেনাক সহায় কৰা কোম্পানীটোৱে কাজিৰঙাত চাৰ্ভে চলাই প্ৰথমে স্থাপন কৰিব ক্ষমতাশালী কেমেৰা ৷ ক্ষমতাশালী কেমেৰাৰ জৰিয়তে নিৰীক্ষণ কৰা হ'ব চোৰাং চিকাৰীৰ গতিবিধি ৷ যেনেকৈ বালাকুটত ছাৰ্জিকেল ষ্টাইক চলোৱাৰ পূৰ্বে বিশেষ কোম্পানীটোৱে চাৰ্ভিলেন্স কৰি ভাৰতীয় সেনাক সহায় কৰিছিল, ঠিক তেনেকৈয়ে কোম্পানীটোৱে কাজিৰঙাত কাম কৰিব ৷

বনমন্ত্ৰীয়ে জনোৱা মতে কাজিৰঙাত ছাৰ্জিকেল ষ্টাইক চলোৱাত সহায় কৰিব ভাৰতীয় সেনাই ৷ এইক্ষেত্ৰত বনবিভাগে আলোচনাও কৰিছে ভাৰতীয় সেনাৰ সৈতে ৷ আশা কৰা হৈছে বনবিভাগৰ এই পদক্ষেপ কাৰ্যকৰী হ'লে ৰোধ হ'ব কাজিৰঙাৰ বিপদ চোৰাং চিকাৰ ৷ নাইকীয়া হ'ব কাজিৰঙাত চিকাৰীৰ গতিবিধি ৷
আৰু চাওক পৰৱৰ্তী বাতৰি