মুখ্যপৃষ্ঠা »খবৰ »অসম »‘প্ৰফুল্ল মহন্ত ৰাজনীতিৰ পুৰণি স্কুলত পঢ়া আৰু আমি নতুন স্কুলত পঢ়া’-আকৌ বিজেপি নেতাৰ আক্ৰমণৰ লক্ষ্য প্ৰফুল্ল কুমাৰ মহন্ত

‘প্ৰফুল্ল মহন্ত ৰাজনীতিৰ পুৰণি স্কুলত পঢ়া আৰু আমি নতুন স্কুলত পঢ়া’-আকৌ বিজেপি নেতাৰ আক্ৰমণৰ লক্ষ্য প্ৰফুল্ল কুমাৰ মহন্ত

বৰ্তমান ৰাজনীতিত অপ্ৰাসংগিক প্ৰফুল্ল কুমাৰ মহন্তঃ জিতু গোস্বামী

বৰ্তমান ৰাজনীতিত অপ্ৰাসংগিক প্ৰফুল্ল কুমাৰ মহন্তঃ জিতু গোস্বামী

বৰ্তমান ৰাজনীতিত অপ্ৰাসংগিক প্ৰফুল্ল কুমাৰ মহন্তঃ জিতু গোস্বামী

  • Share this:
পুনৰ বিজেপিৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ শুকুৰবাৰে বোকাজানৰ বিজেপি বিধায়ক ডা৹ নোমল মমিনে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক গেলা কোমোৰা বুলি কোৱাৰ পিছত এইবাৰ বিজেপি নেতা জিতু গোস্বামীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে প্ৰফুল্ল কুমাৰ মহন্ত ৷

‘বঢ়মপুৰত পঞ্চায়ত নিৰ্বাচনত মুখ থেকেচা খাইছিল মহন্তই ৷ ২৪টা পঞ্চায়তৰ ভিতৰত ১১টাহে দখল কৰিব পাৰিছিল প্ৰফুল্ল কুমাৰ মহন্তই ৷ লোকসভা নিৰ্বাচনতো বিজেপিক বিৰোধিতা কৰি মুখ থেকেচা খাইছিল মহন্তই। মহন্ত লাহে লাহে অচল টকাত পৰিণত হৈছে।’ জিতু গোস্বামীয়ে লগতে কয় যে,‘প্ৰফুল্ল কুমাৰ মহন্তৰ সময় আহিল ৰাজনীতিৰ পৰা অৱসৰৰ ৷ ২০২১ত পৰাজয় নিশ্চিত প্ৰফুল্ল কুমাৰ মহন্তৰ ৷ তাৰ প্ৰমাণ মহন্ত ডাঙৰীয়াই এটা পঞ্চায়তত শুকুৰবাৰে কৰা এটা আধাৰশিলা ৷ আধাৰশিলা কৰিবলৈ যিটো পঞ্চায়তলৈ গৈছিল তাত কেৱল মহন্ত ডাঙৰীয়াৰ কাষত  সভাপতি জনহে আছিল ৷ ৩৫ বছৰ ধৰি  প্ৰতিনিধিত্ব কৰি সমষ্টিবাসীক একোকে নিদিলে ৷ মহন্তই ৰাজনীতিৰ পুৰণি স্কুলত পঢ়িছিল ৷ আমি ৰাজনীতিৰ নতুন স্কুলত পঢ়া ৷’

এতিয়া বিজেপি নেতা জিতু গোস্বামীৰ মন্তব্যক প্ৰফুল্ল কুমাৰ মহন্তই কিদৰে গ্ৰহণ কৰে, সেয়া সময়তহে স্পষ্ট হ’ব।

শেহতীয়া বাতৰি