মুখ্যপৃষ্ঠা » খবৰ

» অসম

»চৰকাৰী কাৰ্যালয়ৰ ঘোচখোৰ কৰ্মচাৰীৰ দিন বেয়ালৈ আহিল! এতিয়াৰ পৰা ভ্ৰষ্টাচাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব ডিৰেক্ট SMSৰ জৰিয়তে

চৰকাৰী কাৰ্যালয়ৰ ঘোচখোৰ কৰ্মচাৰীৰ দিন বেয়ালৈ আহিল! এতিয়াৰ পৰা ভ্ৰষ্টাচাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব ডিৰেক্ট SMSৰ জৰিয়তে

News18 Assam | News18-Assam
Updated:August 11, 2021, 4:51 PM IST
চৰকাৰী কাৰ্যালয়ৰ ঘোচখোৰ কৰ্মচাৰীৰ দিন বেয়ালৈ আহিল! এতিয়াৰ পৰা ভ্ৰষ্টাচাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব ডিৰেক্ট SMSৰ জৰিয়তে
সততে অভিযোগ শুনিবলৈ পোৱা যায় যে, বহু চৰকাৰী কৰ্মচাৰীয়ে পকেট খৰচ নিদিলে কাম কৰি দিবলৈ মনেই নকৰে!

সততে অভিযোগ শুনিবলৈ পোৱা যায় যে, বহু চৰকাৰী কৰ্মচাৰীয়ে পকেট খৰচ নিদিলে কাম কৰি দিবলৈ মনেই নকৰে!

  • Share this:
দুৰ্নীতি নিৰ্মূল কৰিবলৈ সকলো ধৰণৰ চেষ্টা যেন অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰ তথা অসম আৰক্ষীয়। সততে অভিযোগ শুনিবলৈ পোৱা যায় যে, বহু চৰকাৰী কৰ্মচাৰীয়ে পকেট খৰচ নিদিলে কাম কৰি দিবলৈ মনেই নকৰে! কিন্তু এতিয়া এইসকলক কৰ্মচাৰীৰ দিন বেয়ালৈ আহিল। চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ বিৰুদ্ধে ঘোচ লোৱা বা যিকোনো ধৰণৰ দুৰ্নীতিৰ প্ৰমাণ লাভ কৰিলে পোনপটীয়া কৈ মেছেজ কৰি জনাব পাৰিব।



বুধবাৰে টুইটাৰ যোগে এই কথা জনাই অসম আৰক্ষীৰ Special DGP জিপি সিঙে। চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীয়ে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ প্ৰমাণ পালে @DIP_VAC_Assamৰ টুইটাৰ হেণ্ডলত ডাইৰেক্ট মেছেজ কৰি জনাব পাৰিব। বা adgp-vac@assampolice.gov.in বা complaints.vac@gmail.comত মেইল যোগে জনাব পাৰিব।
Published by: Himangshu Bhuyan
First published: August 11, 2021, 4:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি