'কংগ্ৰেছকলৈ মানুহৰ ধাৰণা এতিয়া মিঞা-মুছলমান। তুচ্ছ তাচ্ছিল্যসূচক ভাৱে ব্যৱহাৰ হয় দলটো। গতিকে এনে সময়ত এগৰাকী সংখ্যালঘু লোক দলৰ সভাপতি হোৱাটো নিবিচাৰো।'- এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিধায়ক ৱাজেদ আলী চৌধুৰীৰ।
ৱাজেদ আলী চৌধুৰীয়ে লগতে কয় য়ে, 'দলত এতিয়া নতুন সভাপতিকলৈ আলোচনা চলিছে। সভাপতিৰ দৌৰত প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়া, ভূপেন বৰা আছে।
দায়িত্ব যি জনেই লয়, সঠিক ভাৱে দল পৰিচালনাৰ কৰিব লাগিব। উপ-নিৰ্বাচনক লৈ কংগ্ৰেছত দুটা গোট নিৰ্ধাৰণ কৰা হৈছে। দেৱব্ৰত শইকীয়া আৰু ৰকিবুল হুছেইনৰ নেতৃত্বত গঠন কৰা হৈছে গোট দুয়োটা।
ইফালে ৰাজ্য চৰকাৰে চলাই থকা উচ্ছেদ অভিযানৰ সন্দৰ্ভত ৱাজেদ আলী চৌধুৰীয়ে কয় য়ে, 'সংখ্যালঘু ৰাইজক বাচি বাচি উচ্ছেদ চলাইছে বিজেপিয়ে। বিজেপিয়ে ৰাজধৰ্ম পালন কৰা নাই। সাম্প্ৰদায়িক ভাৱে চৰকাৰ চলাইছে। ধৰ্মীয় আবেগ বেছি দিন নচলে।'
ইফালে ৰূপজ্যোতি কুৰ্মীৰ প্ৰসংগত চৌধুৰীয়ে কয় য়ে, বিগত ৫ বছৰে ৰূপজ্যোতি যাও যাও কৰি আছিল। কিন্তু কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি দল এৰা নাছিল। বিধায়িনী দলৰ নেতা হ'বলৈ তেওঁৰ লগত কেইগৰাকী বিধায়ক আছিল?'
উল্লেখ্য যে, ৱাজেদ আলী চৌধুৰী আৰু ৰকিবুল হুছেইনক বাংলাদেশী মুছলমান বুলি আখ্যা দিছে ৰূপজ্যোতি কুৰ্মীয়ে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছী বিধায়কজনে কয় যে, 'আমাৰ মাতৃ পিতৃ, পুৰ্বপুৰুষ অসমৰ কিন্তু ৰূপজ্যোতি ক'ৰ পৰা আহিছিল? বৃটিছে চাহ গছ ৰোপন কৰিবলৈ আনিছিল তেওঁলোকক।'
Published by: Himangshu Bhuyan
FIRST PUBLISHED : June 25, 2021, 12:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|