নীৰৱে উচুপিছে ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দই, এতিয়া আৰু নাই গোবিন্দ–হেমামালিনী!

News18 Assam | News18-Assam
Updated:February 21, 2020, 5:29 PM IST
নীৰৱে উচুপিছে ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দই, এতিয়া আৰু নাই গোবিন্দ–হেমামালিনী!
সোণালী বান্দৰবিহীন হ'ল উমানন্দ৷ বিলুপ্তপ্ৰায় সোণালী বান্দৰ ক'ত পোৱা যায় বুলি সোধা প্ৰশ্নৰ উত্তৰত কেতিয়াও আৰু নল'ব উমানন্দৰ নাম৷ উমানন্দত থকা 'গোবিন্দ' নামৰ একমাত্ৰ সোণালী বান্দৰটো আৰু নাই৷

সোণালী বান্দৰবিহীন হ'ল উমানন্দ৷ বিলুপ্তপ্ৰায় সোণালী বান্দৰ ক'ত পোৱা যায় বুলি সোধা প্ৰশ্নৰ উত্তৰত কেতিয়াও আৰু নল'ব উমানন্দৰ নাম৷ উমানন্দত থকা 'গোবিন্দ' নামৰ একমাত্ৰ সোণালী বান্দৰটো আৰু নাই৷

  • Share this:
উমানন্দৰ সুউচ্চ গছবোৰত এতিয়া নীৰৱতা৷ মন্দিৰৰ মুধচত সিহঁতক বহি থকা আৰু কেতিয়াও নেদেখে আপুনি৷ উমানন্দৰ শিলবোৰত লাগি আৰু প্ৰতিধ্বনিত নহয় ‘ঐ গোবিন্দ, ঐ হেমামালিনী’৷ সিহঁতৰ বাবে অনা খোৱা সামগ্ৰীবোৰ ব্ৰহ্মপুত্ৰত দলিয়াই বেজাৰ মনেৰে ওভতে পৰ্যটক৷

সোণালী বান্দৰবিহীন হ'ল উমানন্দ৷ বিলুপ্তপ্ৰায় সোণালী বান্দৰ ক'ত পোৱা যায় বুলি সোধা প্ৰশ্নৰ উত্তৰত কেতিয়াও আৰু নল'ব উমানন্দৰ নাম৷ উমানন্দত থকা 'গোবিন্দ' নামৰ একমাত্ৰ সোণালী বান্দৰটো আৰু নাই৷ গোবিন্দৰ মৃত্যুৰ লগে লগে সোণালী বান্দৰবিহীন হৈ পৰিল উমানন্দ৷ প্ৰায় ৪ বছৰ পূৰ্বে মধুমেহ ৰোগৰ চিকিৎসাৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানালৈ নিয়া সোণালী বান্দৰকেইটাৰো নাই কোনো খবৰ৷ এই কথাই এতিয়া ব্যথিত কৰিছে দৰ্শণাৰ্থী, পৰ্যটক, গৱেষক ছাত্ৰসকলৰ লগতে উমানন্দ মন্দিৰৰ পুৰোহিতসকলকো৷ পুৰোহিতসকলৰ দাবী, 'ওভতাই দিয়ক সোণালী বান্দৰ'৷



উমানন্দ মন্দিৰৰ পুৰোহিত নাৰায়ণ চন্দ্ৰ শৰ্মাই এই সম্পৰ্কে দুখ প্ৰকাশ কৰি কয়, 'মানুহ আহিলে প্ৰশ্ন কৰে৷ আমি মিছা নহয়, সঁচাই কওঁ৷ সকলোৱে ফল-মূল লৈ আহে৷ বিদেশী পৰ্যটকসকল আহিলেও সোধে, খোৱা বস্তু লৈ আহে৷ আগতে তেওঁলোকে ফটো তুলিছিল৷ এতিয়া সকলো বঞ্চিত হৈছে৷ উমানন্দৰ সৌন্দৰ্য এতিয়া নাই৷ বান্দৰবোৰ থাকোতে ভাল আছিল, মানুহেও ভাল পাইছিল৷ চিৰিয়াখানাই লৈ যোৱা বান্দৰকেইটাও উভতাই দিয়া নাই৷ আমাক সোণালী বান্দৰ লাগে৷'



মন্দিৰৰ আন এগৰাকী পুৰোহিত আশোক শৰ্মাই কয় যে সোণালী বান্দৰ নাইকীয়া হোৱাৰে পৰা যেন আধৰুৱা হৈ পৰিছে উমানন্দ৷ তেওঁ আৰু কয়, 'সোণালী বান্দৰ দিয়ক, পাৰিলে হৰিণা বা আন জীৱ-জন্তুও দিয়ক৷ এতিয়াও বহু মানুহে আহি বিচাৰে আৰু দুখ কৰি গুচি যায়৷'

'বহু ছাত্ৰ-ছাত্ৰী গৱেষণাৰ বাবেও আহিছিল৷ এতিয়া আৰু সেইবোৰো শেষ হ'ল' -প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় পুৰোহিত শিশিৰ কুমাৰ ভট্টই৷ কেৱল পুৰোহিতসকলেই নহয়, এই খবৰে হতাশ কৰিছে বহুতোকেই৷ দাবী উঠিছে এটাই, 'আমাক সোণালী বান্দৰ দিয়ক'৷
আৰু চাওক
পৰৱৰ্তী বাতৰি