পলাতক উগ্ৰপন্থীৰে কাৰ মিতিৰালি? মন্ত্ৰী প্ৰমীলাক উভতি ধৰিলে সাংসদ নৱ কুমাৰ শৰণীয়াই

বৃহস্পতিবাৰে সাংসদ নৱ কুমাৰ শৰণীয়াক মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মক সকিয়নী দিয়াৰ পিছত শুকুৰবাৰে সাংসদ শৰণীয়াই উভতি ধৰে মন্ত্ৰী প্ৰমীলাক

News18-Assam
Updated:August 30, 2019, 4:56 PM IST
পলাতক উগ্ৰপন্থীৰে কাৰ মিতিৰালি? মন্ত্ৰী প্ৰমীলাক উভতি ধৰিলে সাংসদ নৱ কুমাৰ শৰণীয়াই
বৃহস্পতিবাৰে সাংসদ নৱ কুমাৰ শৰণীয়াক মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মক সকিয়নী দিয়াৰ পিছত শুকুৰবাৰে সাংসদ শৰণীয়াই উভতি ধৰে মন্ত্ৰী প্ৰমীলাক
News18-Assam
Updated: August 30, 2019, 4:56 PM IST
বিজু কুমাৰ ডেকা: BTADৰ পৰিষদীয় নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে বড়োলেণ্ডৰ ৰাজনীতিত আৰম্ভ হৈছে জাতিগত, গোষ্ঠীগত বাক-বিৰ্তকৰ ৷ বৃহস্পতিবাৰে সাংসদ নৱ কুমাৰ শৰণীয়াক মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মক সকিয়নী দিয়াৰ পিছত শুকুৰবাৰে সাংসদ শৰণীয়াই উভতি ধৰে মন্ত্ৰী প্ৰমীলাক ৷

বৃহস্পতিবাৰে সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে গৰজি উঠিছিল BPFৰ জেষ্ঠ নেত্ৰী তথা মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম ৷ মন্ত্ৰী প্ৰমীলাই বড়োভূমিত সৃষ্টি হ'ব পৰা সকলো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ বাবে সাংসদ শৰণীয়াই জগৰীয়া হ'ব বুলি সকিয়নী দিছিল সাংসদ নৱ কুমাৰ শৰণীয়াক ৷ মন্ত্ৰী ব্ৰক্ষ্মৰ দাবী- সাংসদ শৰণীয়াই BTADত সৃষ্টি কৰিব বিচাৰিছে গোষ্ঠীগত সংঘাত ৷

মন্ত্ৰী প্ৰমীলাৰ এই সকিয়নীৰ পিছত শুকুৰবাৰে মুখ খুলিলে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ সাংসদ নৱ কুমাৰ শৰণীয়াই News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত নিজৰ স্থিতি স্পষ্ট কৰি কয় যে বড়োভূমিত সকলো জাতি, জনগোষ্ঠীৰ সম অধিকাৰ আৰু শান্তিৰ বাবে তেওঁ কাম কৰি আছে আৰু কৰি যাব ৷

সাংসদ শৰণীয়াই BPFক সমালোচনা কৰি কয়, “পলাতক উগ্ৰপন্থীৰে কাৰ কি সম্পৰ্ক, তাক ৰাইজে বুজি পায় ৷ ৰাইজে দেখিছে সেই গোপন বৈঠকৰ দৃশ্য ৷”

উল্লেখযোগ্য যে NEWS18এ বিগত ২৬ আগষ্টত ফাদিল কৰিছিল এখন ফ'টো ৷ ফ'টোখন আছিল, কোকোৰাঝাৰৰ আৰনাই হোটেলত বিগত ২৪ আগষ্টত অনুষ্ঠিত হোৱা এখন গোপন বৈঠকৰ ৷ সেই বৈঠকত BTCৰ মূৰব্বী হাগ্ৰামা মহিলাৰী, মন্ত্ৰী চন্দন ব্ৰহ্মৰ সৈতে আছিল CBIৰ ম'ষ্ট ৱাণ্টেড ডিন্থিলাং ওৰফে অৰুণ বৰগয়াৰী ৷ ২০০৮ৰ সেই ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ অন্যতম মাষ্টাৰ মাইণ্ড আজি পৰ্যন্ত পলাতক ৷ CBIএ ৰেড কৰ্ণাৰ নটিছ জাৰি কৰা থোৱা এইজন পলাতক উগ্ৰপন্থীকে লৈ বিগত ২৪ আগষ্টত হাগ্ৰামা মহিলাৰীয়ে কি আলোচনা কৰিছিল? সেয়া এতিয়াও ৰহস্য ৷

ইপিনে, BTADত সেনা গঠন প্ৰসংগত সৃষ্টি হোৱা বিতৰ্কক লৈ পুনৰ নিজৰ স্থিতি স্পষ্ট কৰিছে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ সাংসদ শৰণীয়াই BTAD সেনা ৰাইজৰ স্বাৰ্থত গঠন হ'বই বুলি NEWS18ক স্পষ্টকৈ জনায় ৷ মুঠতে এতিয়া জমি উঠিছে বড়োলেণ্ডৰ ৰাজনীতি ৷
আৰু চাওক পৰৱৰ্তী বাতৰি