কোৰোণাত আক্ৰান্ত ৰোগীৰ ভিৰ, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত খালী নাই বিচনা

News18 Assam | News18-Assam
Updated:May 23, 2020, 5:43 PM IST
কোৰোণাত আক্ৰান্ত ৰোগীৰ ভিৰ, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত খালী নাই বিচনা
অসমত ক্ৰমাৎ বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। শনিবাৰে দুপৰীয়ালৈ অসমত কোৰোণা পজিটিভৰ সংখ্যা ৩১৯ গৰাকীলৈ বৃদ্ধি হয়

অসমত ক্ৰমাৎ বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। শনিবাৰে দুপৰীয়ালৈ অসমত কোৰোণা পজিটিভৰ সংখ্যা ৩১৯ গৰাকীলৈ বৃদ্ধি হয়

  • Share this:
অসমত ক্ৰমাৎ বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। শনিবাৰে দুপৰীয়ালৈ অসমত কোৰোণা পজিটিভৰ সংখ্যা ৩১৯ গৰাকীলৈ বৃদ্ধি হয়। কোৰোণা ৰোগীৰ বাবে এতিয়া গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত নাই খালী বিচনা। চিকিৎসালয়খনৰ অধীক্ষক অভিজিৎ শৰ্মাই জনোৱা মতে, এইপৰ্য্যন্ত ১১২ গৰাকী কোৰোণাত আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত। শুকুৰবাৰে সৰ্বাধিক ২১ গৰাকী কোৰোণাত আক্ৰান্তক চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল।

জি এম চি এইছ আৰু এম এম চি এইছত যিহেতু আৰু খালী  বিচনা নাই সেয়ে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে গুৱাহাটীৰ যক্ষ্মা হাস্পতাল আৰু সোনাপুৰৰ চিকিৎসালয়ক কোৰোণা হাস্পতাল হিচাপে চিহ্নিত কৰিছে। শনিবাৰে বিয়লি ৫ বজাৰ পৰা দুয়োখন হাস্পতালতে কোৰোণাত আক্ৰান্ত ৰোগী ৰখাৰ ব্যৱস্থা কৰিছে চৰকাৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading