হাস্পতালৰ পৰা ঘৰলৈ উভতাৰ পিছতে চিকিৎসকসকলক ধন্যবাদ জনালে জুবলীয়ে।
হাস্পতালৰ পৰা ঘৰলৈ উভতাৰ পিছতে চিকিৎসকসকলক ধন্যবাদ জনালে জুবলীয়ে।
অৱশেষত সুস্থ হৈ ঘৰলৈ উভতিল জনপ্ৰিয় কণ্ঠশিল্পী জুবলী। কিছুদিন পূৰ্বে অসুস্থ হৈ পৰা জুবলী গুৱাহাটী মহানগৰীৰ হেলথ চিটী হাস্পতালত ভৰ্তি হৈ আছিল। বৃহস্পতিবাৰে হাস্পতালৰ পৰা ৰিলিজ লোৱাৰ পিছত এতিয়া ছচিয়েল মিডিয়াত নিজৰ স্বাস্থ্যৰ সম্পৰ্কে সবিশেষ জনাইছে জুবলীয়ে।
উল্লেখ্য যে, যোৱা ৫ দিন ধৰি চিকিৎসাধীন হৈ আছিল কণ্ঠশিল্পীগৰাকী। মহানগৰীৰ হেল্থ চিটী হাস্পতালত চিকিৎসাধীন হৈ আছিল জুবলী। কোভিডৰ পিছৰ জটিলতাৰ লগতে ভাইৰেল নিউমোনিয়াত আক্ৰান্ত হৈছিল জুবলী।
হাস্পতালৰ পৰা ৰিলিজ লোৱাৰ পিছতে জুবলীয়ে ছচিয়েল মিডিয়াত লিখিছে- '' ড০ চন্দনা শৰ্মাৰ প্ৰতি অত্যন্ত কৃতজ্ঞ। ড০ বিকাশ চৌধুৰী, ড০ কল্পনা চৌধুৰী, ড০ অতনু বৰঠাকুৰ, ড০ ব্ৰজেন্দ্ৰ লহকৰ, ড০ ভৱানী চক্ৰৱৰ্তী, ড০ সোনালী বৰ্মন ভূঞা, ড০ স্মিতাক্ষী মেধি, শ্ৰীযুত পৰাগ আৰু হেলথ চিটী চিকিৎসালয়ৰ সকলো নাৰ্চ আৰু মেনেজমেণ্টৰ দলটোৱে মোক সুস্থ কৰি তুলিবলৈ কৰা যত্নৰ প্ৰতি মই কৃতজ্ঞ। লগতে মোৰ সকলো বন্ধুবৰ্গৰ প্ৰতি কৃতজ্ঞ আৰু আপোনাৰ প্ৰাৰ্থনা আৰু আশীৰ্বাদৰ বাবে শুভকামনা। কালি মোৰ ডিচচাৰ্জ হৈছে।''
''মই এপ্ৰিল ২০২১-ত কোভিডত আক্ৰান্ত হৈছিলো। কিন্তু পোষ্ট কোভিড প্ৰভাৱ ইমানেই বেয়া যে সংক্ৰমণবোৰ এতিয়া এটা বছৰৰ পিছত প্ৰতিফলিত হৈছে। গতিকে যিয়ে এনে সমস্যাত ভুগিছে তেওঁলোকে অনুগ্ৰহ কৰি নিয়মীয়া পৰীক্ষাবোৰ সঠিকভাৱে সম্পন্ন কৰক আৰুসতৰ্ক হওক আৰু সুৰক্ষিত হওক। স্বাস্থ্যই হৈছে সকলো।''- এনেদৰে লিখে জুবলীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|