হাজাৰ টকাৰ পেণ্টত ২৮ লাখ টকাৰ বেল্ট! সোণৰ বেল্ট পৰিধান কৰি বিপদত প্ৰহ্লাদ!

News18 Assam | News18-Assam
Updated:January 24, 2020, 6:09 PM IST
হাজাৰ টকাৰ পেণ্টত ২৮ লাখ টকাৰ বেল্ট! সোণৰ বেল্ট পৰিধান কৰি বিপদত প্ৰহ্লাদ!
গুৱাহাটীৰ মাজেৰে চলিছে চোৰাং সোণৰ বেহা

গুৱাহাটীৰ মাজেৰে চলিছে চোৰাং সোণৰ বেহা

  • Share this:
চোৰাং সোণৰ ঘাটিত পৰিণত হৈছে উত্তৰ পূৱৰ দুৱাৰমুখ গুৱাহাটী ৷ গুৱাহাটীৰ মাজেৰে নিতৌ সৰবৰাহ হৈছে চোৰাং সোণ ৷ শুকুৰবাৰে পল্টনবজাৰ ৰে’ল আৰক্ষীৰ অভিযানত জালত পৰিল এজন চোৰাং সোণ সৰবৰাহকাৰী ৷ নাম প্ৰহ্লাদ কুমাৰ দাস , ঘৰ পশ্চিমবংগত ৷ চোৰাং সোণ সৰবাৰকাৰীটো প্ৰহ্লাদে ত্ৰিপুৰাৰ পৰা ৰেলযোগে কঢ়িয়াই আনিছিল সোণখিনি ৷



পেণ্টৰ বেল্টত লৈ অহা সোণখিনিৰ ওজন প্ৰায় ৭০০ গ্ৰাম ৷ পল্টনবজাৰ আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় ১২ টা সোণৰ টুকুৰা ৷ জব্দ কৰা সোণৰ মূল্য প্ৰায় ২৮ লাখ টকা ৷ পেন্টৰ বেল্টত অতি সংগোপনে কঢ়িয়াই অনিছিল সোণখিনি ৷ উল্লেখ্য যে ৰে’ল আৰক্ষীয়ে অব্যাহত ৰাখিছে সৰবৰাকাৰীটোৰ বিৰুদ্ধে অভিযান ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি