অৱশেষত ছীল কৰা হ’ল মহানগৰৰ আঠগাঁও কবৰস্থান মছজিদ। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ ৩০ মিনিটৰ পিছতে প্ৰশাসনে ছীল কৰিলে গুৱাহাটীৰ আঠগাঁৱৰ কবৰস্থান মছজিদ । কামৰূপ মেট্ৰ’ৰ উপায়ুক্ত বিশ্বজিত পেগু আৰু ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতিত ছীল কৰা হয় মছজিদটো।
কোৰোণাত মৃত্যু হোৱা প্ৰথমজন ৰোগীয়ে আৰু আন দুগৰাকীৰ চিকিৎসাধীন হৈ থকা ৰোগীৰ সৈতে ১২ মাৰ্চত ৰাতি কটাইছিল আঠগাঁও মছজিদত। আনকি ১২ মাৰ্চত তিনিওজন কোৰোণাত আক্ৰান্ত সহ ১০০ জন লোকে মছজিদটোত এখন বৈঠকতো ভাগ লৈছিল। যাৰ বাবে আঠগাওঁ কবৰস্থান মছজিদ কোৰোণা ভাইৰাছৰ ‘Hotspot’ হিচাপে চিনাক্ত হৈছে।সেয়েহে ছীল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰশাসনে।
ইতিমধ্যে সভাত উপস্থিত থকা সকলো লোকক কোৱাৰেন্টাইন কৰিব পৰা নাই যদিও ৫৮ জনক চিনাক্ত কৰা হৈছে। তাৰে দুজন পজিটিভ। স্বাস্থ্য বিভাগে সন্দেহ কৰা অনুসৰি ৰহিমুদ্দিন নামৰ কোৰোণাত আক্ৰান্ত ৰোগীজনৰ দেহলৈ কোৰোণা ভাইৰাছ কবৰস্থান মছজিদত ৰাতি থকাৰ সময়তে বিয়পি পৰিছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|