মুখ্যপৃষ্ঠা » খবৰ

» অসম

»লখিমপুৰত এখন বিয়াই সৃষ্টি কৰিছে আতংক! একেদিনাই এবছৰীয়া শিশু সহ ৫৭জনৰ দেহত ধৰা পৰিল কৰোণাৰ অৱস্থিতি

লখিমপুৰত এখন বিয়াই সৃষ্টি কৰিছে আতংক! একেদিনাই এবছৰীয়া শিশু সহ ৫৭জনৰ দেহত ধৰা পৰিল কৰোণাৰ অৱস্থিতি

News18 Assam | News18-Assam
Updated:July 16, 2020, 1:58 PM IST
লখিমপুৰত এখন বিয়াই সৃষ্টি কৰিছে আতংক! একেদিনাই এবছৰীয়া শিশু সহ ৫৭জনৰ দেহত ধৰা পৰিল কৰোণাৰ অৱস্থিতি
একেটা পৰিয়ালৰে ১২জনৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি।

একেটা পৰিয়ালৰে ১২জনৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি।

  • Share this:
লখিমপুৰত আৰম্ভ হৈছে নেকি কোৰোণাৰ ভয়াৱহ গণ সংক্ৰমণ? লখিমপুৰৰ গড়েহগা অঞ্চলৰ এখন বিয়াই এতিয়া নমাই আনিছে আতংকময় পৰিস্থিতি। বিয়াখাবলৈ যোৱা বা সংস্পৰ্শলৈ অহা প্ৰায় ৪০ জনৰ দেহত এতিয়ালৈকে ধৰা পৰিল কোৰোণা। এতিয়াও বহুজনৰ ৰিপৰ্ট আহিবলৈ বাকী। কোৰোণাত আক্ৰান্ত সকলৰ মাজত আছে এটি এবছৰীয়া শিশু।

আনহাতে একেদিনাই আক্ৰান্ত হোৱা ৫৭জন লোকৰ ভিতৰত আছে তিনিজন জোৱান। ইয়াৰ উপৰিও নগৰৰ হোটেল মা-কালীত কোৱাৰেণ্টাইন হৈ থকা ছজন আৰু হোটেল আশাত কোৱাৰেণ্টাইন হৈ থকা আঠ জনৰ দেহত কোৰোণা ভাইৰাছ ধৰা পৰিছে ৷

ইতিমধ্যে আক্ৰান্তসকলক কোৰোণা ৰোগীৰ বাবে স্থাপন কৰা বিশেষ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ লখিমপুৰ জিলাত শেহতীয়াকৈ কোৰোণাৰ সংক্ৰমণ বৃদ্ধি পোৱা বিষয়টোৱে সকলোৰে মাজত আতংকৰ সৃষ্টি কৰিছে।
Published by: Himangshu Bhuyan
First published: July 16, 2020, 1:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি