মুখ্যপৃষ্ঠা »খবৰ »অসম »‘আমিবোৰ কংগ্ৰেছত জুয়ে পোৰা সোণ’

‘আমিবোৰ কংগ্ৰেছত জুয়ে পোৰা সোণ’

Source-Google

Source-Google

গ্ৰেপ্তাৰৰ ভয়ত গৌতম ৰয় বিজেপিলৈ গৈছে: প্ৰদ্যুৎ বৰদলৈ

  • Share this:
    বিপুল বৰ্মন: ‘আমি কংগ্ৰেছত জুয়ে পোৰা সোণ। যিসকল কংগ্ৰেছী নেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আছিল, সেইসকলত এতিয়া বিজেপিৰ ডাঙৰ ডাঙৰ নেতা। তেওঁলোকে কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছত এতিয়া কংগ্ৰেছ দল পৰিস্কাৰ হ’ল’– এই মন্তব্য নগাওঁ সংসদীয় সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ।

    বৰদলৈৰ মতে ‘হিমন্ত বিশ্ব শৰ্মাই সাৰদা, লুই বাৰ্জাৰ কেংলেংকাৰীত জেলত যোৱাৰ পৰা নিজকে বচাবলৈ বিজেপিত যোগদান কৰাৰ দৰে গ্ৰেপ্তাৰৰ ভয়ত গৌতম ৰয় বিজেপিলৈ গৈছে। কংগ্ৰেছৰ শাসনকালত যাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আছিল সেইসকল নেতা বিজেপিলৈ যোৱাত কংগ্ৰেছ এতিয়া কলংক মুক্ত হল’।

    দুৰ্নীতিৰ আভিযোগ থকা নেতাসকলৰ বিজেপি গমনৰ পিছত নিজকে জুয়ে পোৰা সোণ বুলি এক বিশেষ সাক্ষাৎকাৰত নিউজ১৮ক জনাই প্ৰদ্যুৎ বৰদলৈয়ে। ইফালে আগন্তুক চাৰিটা বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ দল সাজু বুলি জনাই নগাঁৱৰ সাংসদ গৰাকীয়ে।

    শেহতীয়া বাতৰি