• Home
  • »
  • News
  • »
  • assam
  • »
  • নিৰ্বাচনো গ'ল, মহাজোঁটো গ'ল! অৱশেষত হাগ্ৰামাৰ BPF-এ স্পষ্ট কৰিলে স্থিতি...

নিৰ্বাচনো গ'ল, মহাজোঁটো গ'ল! অৱশেষত হাগ্ৰামাৰ BPF-এ স্পষ্ট কৰিলে স্থিতি...

আনুষ্ঠানিকভাৱে একো জনোৱা নাই BPFয়ে: ৰিপুণ বৰা

আনুষ্ঠানিকভাৱে একো জনোৱা নাই BPFয়ে: ৰিপুণ বৰা

আনুষ্ঠানিকভাৱে একো জনোৱা নাই BPFয়ে: ৰিপুণ বৰা

  • Share this:
দেওবাৰে মহাজোঁটৰ পৰা BPFক ওলাই আহিবলৈ প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰীয়ে মুকলিলৈ আহ্বান জৱোনাৰ পিছত সোমবাৰে দলৰ উপ সভাপতি প্ৰবীণ বড়োৱে কৈয়ে দিলে যে, 'এতিয়া আৰু মহাজোঁটত BPF থকাতো অপ্ৰাসংগিক ৷' ইয়াৰ বিপৰীতে মহাজোঁটৰ বিগ বাৰ্ডাৰ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ক'লে- 'এতিয়াও BPFএ মহাজোঁট ত্যাগ কৰাৰ কথা জনোৱা নাই ৷'

দেওবাৰে মহাজোঁটৰ পৰা BPFক আঁতৰিবলৈ মুকলিকৈ দাবী জনাইছিল দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ৷ দৈমাৰীয়ে আনকি দিছিল মহাজোঁট নেৰিলে দল ত্যাগৰো হুংকাৰ দিছিল।

ৰিহণ দৈমাৰীৰ হুংকাৰৰ পিছতে সোমবাৰে দলৰ স্থিতিৰ কথা সদৰি কৰিলে BPFৰ উপ সভাপতি প্ৰবীণ বড়োৱে ৷ বড়োৱে ক'লে- “এতিয়া আৰু মহাজোঁটত থকাটো অপ্ৰাসংগিক কথা ৷ বিধানসভাৰ নিৰ্বাচনৰ বাবেহে সোমাইছিলো মহাজোঁটত ৷ এতিয়া নিৰ্বাচন গ'ল আৰু মহাজোঁটত থকাৰ কথাও গ'ল ৷”

মহাজোঁটৰ পৰা ওলাই যোৱাৰ কথা স্পষ্ট কৰি প্ৰবীণ বড়োৱে লগতে কয় যে, “উপ নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব BPF-এ ৷ ইয়াৰ বাবে আমাৰ দল সাজু হৈছে ৷”

উল্লেখযোগ্য যে, সদায় চৰকাৰৰ সৈতে সহাৱস্থান কৰা হাগ্ৰামা মহিলাৰীয়ে শুকুৰবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দলীয় বিধায়ক কেইজনক লগতলৈ সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলে ২৫ লাখ টকাৰ বৰঙণি আগবঢ়াইছিল ৷ আৰু তেতিয়াৰ পৰাই BPFৰ পট পৰিৱৰ্তন হোৱা দেখা গৈছে।
Published by:Himangshu Bhuyan
First published: