অৱশেষত চূড়ান্ত হ’ল কংগ্ৰেছ-AIUDFৰ মিত্ৰতা, বদৰুদ্দিন আজমলে মাৰিলে মোহৰ

News18 Assam | News18-Assam
Updated:October 3, 2020, 5:14 PM IST
অৱশেষত চূড়ান্ত হ’ল কংগ্ৰেছ-AIUDFৰ মিত্ৰতা, বদৰুদ্দিন আজমলে মাৰিলে মোহৰ
ইফালে বিৰোধী দল AIUDF-এ শনিবাৰে দলৰ ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস পালন কৰে

ইফালে বিৰোধী দল AIUDF-এ শনিবাৰে দলৰ ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস পালন কৰে

  • Share this:
অৱশেষত চূড়ান্ত হ’ল কংগ্ৰেছ-AIUDFৰ মিত্ৰতা। শনিবাৰে বদৰুদ্দিন আজমলে মোহৰ মাৰিলে দুয়োটা দলৰ প্ৰাক নিৰ্বাচনী মিত্ৰতাত। দিছপুৰত অনুষ্ঠিত হোৱা AIUDF দলৰ ক'ৰ কমিটীৰ বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে AIUDF নেতৃত্বই।

ইফালে বিৰোধী দল AIUDF-এ শনিবাৰে দলৰ ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস পালন কৰে। দলীয় কাৰ্যালয়ত আয়োজন কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে দলটোৰ প্ৰায় সংখ্যক নেতা-কৰ্মীয়ে। দলটোৰ গুৱাহাটীস্থিত কেন্দ্ৰীয় কাৰ্য্যলয়ত পতাকা উত্তোলন কৰে প্ৰাক্তন সাংসদ তথা দলৰ কাৰ্য্যকৰী সভাপতি ৰাধেশ্যাম বিশ্বাসে।

অনুষ্ঠানত উপস্থিত থাকে AIUDFৰ বিধায়িনী দলৰ দলপতি হাফিজ বছিৰ কাছিমি, সাধাৰণ সম্পাদক আমিনুল ইছলামৰ লগতে দলৰ কেইবাজনো বিধায়ক। প্ৰতিষ্ঠা দিৱসৰ দিনাই বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত সকলো বিৰোধীকে একগোট হ’বলৈ আহ্বান জনাই AIUDF নেতৃত্বই। ইফালে অনুষ্ঠানৰ মাজতে দলটোৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে নতুনকৈ জন্ম লাভ কৰা ‘ৰাইজৰ দল’ক শুভেচ্ছা জনায়।
Published by: Himangshu Bhuyan
First published: October 3, 2020, 5:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading