• Home
  • »
  • News
  • »
  • assam
  • »
  • ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড ডিন্থিলাঙৰে হাগ্ৰামা-চন্দনৰ বৈঠক হৈছিল, স্বীকাৰ কৰিলে BPFএ

ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড ডিন্থিলাঙৰে হাগ্ৰামা-চন্দনৰ বৈঠক হৈছিল, স্বীকাৰ কৰিলে BPFএ

২২ দিনৰ মূৰত News18ৰ বাতৰিৰ সত্যতা স্বীকাৰ কৰিলে BTCৰ শাসকীয় দল বড়োলেণ্ড পিপ'লছ পাৰ্টী, চমুকৈ বিপিএফে

২২ দিনৰ মূৰত News18ৰ বাতৰিৰ সত্যতা স্বীকাৰ কৰিলে BTCৰ শাসকীয় দল বড়োলেণ্ড পিপ'লছ পাৰ্টী, চমুকৈ বিপিএফে

২২ দিনৰ মূৰত News18ৰ বাতৰিৰ সত্যতা স্বীকাৰ কৰিলে BTCৰ শাসকীয় দল বড়োলেণ্ড পিপ'লছ পাৰ্টী, চমুকৈ বিপিএফে

  • Share this:
    বিজু কুমাৰ ডেকা : ২২ দিনৰ মূৰত News18ৰ বাতৰিৰ সত্যতা স্বীকাৰ কৰিলে BTCৰ শাসকীয় দল বড়োলেণ্ড পিপ'লছ পাৰ্টী, চমুকৈ বিপিএফে ৷ স্বীকাৰ কৰিলে বিপিএফৰ সভাপতি তথা বিটিচিৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড ডিন্থিলাং ওৰফে অৰুণ বৰগয়াৰীৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ কথাক ৷

    দেওবাৰে গুৱাহাটীত আয়োজিত এক সংবাদমেলত দলীয় স্থিতি, আসন্ন বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ সন্দৰ্ভত দলৰ ৰণনীতিক লৈ ব্যাখ্যা কৰিছিল বিপিএফৰ কাৰ্যকৰী সভাপতি তথা বিশ্বজিত দৈমাৰীয়ে ৷ এই সংবাদমেলতে News18ৰ তৰফৰ পৰা প্ৰশ্ন কৰা হ'ল কাৰ্যকৰী সভাপতি দৈমাৰীক ৷ সোধা হ'ল-- বিগত ২৪ আগষ্টত পলাতক আচামী তথা ২০০৮ৰ ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড ডিন্থিলাং ওৰফে অৰুণ বৰগয়াৰীৰ সৈতে বিটিচিৰ মূৰব্বী হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী চন্দন ব্ৰহ্ম কোকৰাঝাৰত বৈঠকত বহাটো সত্যনে? কিয় বহিছিল পলাতক আচামী তথা চিবিআইয়ে ৰেড কৰ্ণাৰ নটিচ জাৰি কৰি থোৱা উগ্ৰপন্থীৰে বৈঠকত?

    News18ৰ পোনপটীয়া প্ৰশ্নৰ উত্তৰত বিপিএফৰ কাৰ্যকৰী সভাপতি বিশ্বজিত দৈমাৰীয়ে পোনপটীয়াকৈ উত্তৰ দিয়া নাছিল ৷ কৈছিল- যুদ্ধ বিৰত অৱস্থাত থকা উগ্ৰপন্থীৰে বৈঠকত বহাতো অপৰাধ হ'ব নোৱাৰে ৷ কৈছিল- আলফা, এনডিএফবি আদি উগ্ৰপন্থী সংগঠনৰ একাংশ গোট যুদ্ধ বিৰতিত আছে ৷ ৰাইজৰ স্বাৰ্থত তেওঁলোকৰ সৈতে বৈঠকত বহিব পাৰে ৷

    বিশ্বজিত দৈমাৰীক পুনৰ সোধা হ'ল- বৈঠকৰ সত্য সত্যতা কিমান? এইবাৰ দৈমাৰীয়ে স্বীকাৰ কৰিলে- হয়, বৈঠকখন সেইদিনা কোকৰাঝাৰত অনুষ্ঠিত হৈছিল ৷ বৈঠকত বাতৰিত উল্লেখ কৰা মানুহজনো উপস্থিত আছিল ৷ কিন্তু সেয়া অপৰাধ হ'ব ৷ কাৰ্যকৰী সভাপতি দৈমাৰীয়ে ক'লে- “ধীৰেন বড়োৰ নেতৃত্বাধীন NDFB(P) গোটটো যুদ্ধ বিৰতিত আছে আৰু চৰকাৰৰ সৈতে আলোচনাৰ মেজত আছে ৷ ধীৰেন বড়োৰ গোটৰ হৈহে বৈঠকলৈ আহিছিল মানুহজন ৷”

    “যদি মানুহজন পলাতক আচামী বা ধাৰাবাহিক বোমা বিস্ফোৰণৰ সৈতে জড়িত, তেন্তে পুলিছে নধৰিলে কিয়? চিবিআইয়ে নধৰে কিয়? ডিজিপিয়ে কি কৰি আছিল?”- এই প্ৰশ্ন বিশ্বজিত দৈমাৰীৰ ৷

    উল্লেখযোগ্য যে ২৫ আগষ্টতে News18এ এই বাতৰিটো ব্ৰেক কৰিছিল ৷ এখন ফ'টোৰে সৈতে ব্ৰেক কৰা হৈছিল বাতৰিটো ৷ বাতৰিটোত কোৱা হৈছিল- পলাতক উগ্ৰপন্থীৰে বিটিচিৰ মূৰব্বী হাগ্ৰামাৰ বৈঠক হৈছিল ৷ অতি গোপনে কোকৰাঝাৰত আয়োজন কৰি হৈছিল বৈঠকখনৰ ৷

    কোকৰাঝাৰৰ আৰনাই হোটেলত ২৪ আগষ্টৰ বিয়লি অনুষ্ঠিত বৈঠকখনত উপস্থিত আছিল ২০০৮ চনৰ ৩০ আগষ্টৰ ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ অন্যতম মাষ্টাৰ মাইণ্ড ডিন্থিলাং ওৰফে অৰুণ বৰগয়াৰী ৷ চিবিআইয়ে ইতিমধ্যে ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ গোচৰত অভিযুক্ত কৰি থৈছে অবিভক্ত এনডিএফবিৰ মুখ্য সেনাধ্যক্ষ ডিন্থিলাঙক ৷ এই গোপন বৈঠকতখনৰ সন্দৰ্ভত NEWS18ত ২৫ আগষ্টৰ সন্ধিয়া পাঁচ বজাৰ বাতৰিত সম্প্ৰচাৰ হৈছিল ৷ ইয়াৰ পিছতেই আৰম্ভ হৈছিল তীব্ৰ চাঞ্চল্যৰ ৷ বিশেষকৈ বড়োলেণ্ডৰ ৰাজনীতিত সূচনা হৈছিল তুমুল চাঞ্চল্যৰ ৷

    এই বাতৰি সম্প্ৰচাৰৰ এসপ্তাহৰ পিছত বিগত দুই ছেপ্তেম্বৰত পত্ৰ লিখিছিল সাংসদ নৱ কুমাৰ শৰণীয়াই ৷
    কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ লিখি সাংসদ শৰণীয়াই উত্থাপন কৰিছিল প্ৰশ্ন- পলাতক উগ্ৰপন্থীৰে বিটিচি মূৰব্বীৰ বৈঠক কিয় ? চিবিআইৰ ৰেড কৰ্ণাৰ নটিছত থকা উগ্ৰপন্থী কেনেকৈ বহিল বৈঠকত?

    এই প্ৰশ্ন উত্থাপন কৰি সাংসদ শৰণীয়াই গৃহমন্ত্ৰীৰ পৰা বিচাৰিলে এক উচ্চ পৰ্যায়ৰ তদন্ত ৷ শৰণীয়াই পত্ৰত লিখিছিল- “যিসকল জনপ্ৰতিনিধি (হাগ্ৰামা মহিলাৰী আৰু চন্দন ব্ৰহ্ম)ই সেই পলাতক উগ্ৰপন্থী সৈতে বৈঠকত বহিছিল, তেওঁলোকক চিবিআইয়ে সোধাপোছা কৰক আৰু পলাতক উগ্ৰপন্থীজনক কৰায়ত্ত কৰিবলৈ চিবিআইয়ে ব্যৱস্থা গ্ৰহণ কৰক ৷ কিয়নো ২০০৮ৰ ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ গোচৰটো চিবিআইয়ে তদন্ত কৰিছিল আৰু চিবিআইয়ে অৰুণ বৰগয়াৰীক পলাতক ঘোষণা কৰি জাৰি কৰিছিল ৰেড কৰ্ণাৰ নটিছ ৷”
    First published: