" অসমত এতিয়া প্ৰতীকী আন্দোলন কৰি লাভ নাই, জনসাধাৰণ ঐক্যবদ্ধ হোৱাৰ সময় ৷ ঐক্যবদ্ধ ভাবে জোৰদাৰ আন্দোলন কৰিব লাগে, নহ’লে অসমবাসী পুনৰ বিশ্বাসঘাটকতাৰ বলি হব ৷ "– এই মন্তব্য কৃষক নেতা অখিল গগৈৰ।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ডিচেম্বৰ মাহত হোৱা প্ৰতিবাদৰ সময়ত হিংসাত্মক কাৰ্যক উচতনি দিয়াৰ অভিযোগত আৰু মাওঁবাদীৰ লগত জড়িত থকাৰ সন্দেহত NIA গ্ৰেপ্তাৰ কৰিছিল কৃষক নেতা অখিল গগৈক ৷ প্ৰথমে ১০ দিনৰ NIA জিম্মাত থকাৰ পিছত ন্যায়িক জিম্মাত আছিল অখিল গগৈ ৷ ১৪ দিনৰ ন্যায়িক জিম্মা অন্ত পৰাত পুনৰ আদালতত হাজিৰ কৰোৱা হয় অখিল গগৈক ৷