অৱশেষত ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰিলে অসম ক্ৰিকেট সন্থাই। কিয় পিটচ শুকুৱাবলৈ হেয়াৰ ড্ৰায়াৰ, ইস্ত্ৰি কিয় ব্যৱহাৰ কৰা হ’ল পৰ্য্যলোচনা কৰিব অসম ক্ৰিকেট সন্থাই। এই সম্পৰ্কে News18ক জনালে ৰমেন দত্তই। সন্মুখীন হোৱা তেনে পৰিস্থিতিৰ বাবে এতিয়া দুখ প্ৰকাশ কৰিছে দত্তই।
দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আছিল ভাৰত–শ্ৰীলংকাৰ মাজৰ T-20 শৃংখলাৰ প্ৰথমখন খেল। সমগ্ৰ বিশ্বক আচৰিত কৰা আৰু অসমক লজ্জানত কৰি বৰ্ষাপাৰা ষ্টেডিয়ামত পিটছ শুকুৱাবলৈ অসম ক্ৰিকেট সন্থাই আনিলে হেয়াৰ ড্ৰায়াৰ, ঘৰ চাফা কৰা ভেকুৱাম ক্লিনাৰ আৰু ইস্ত্ৰি। পিছত টেলিভিচনত এই এই দৃশ্য সম্প্ৰচাৰ হোৱাৰ লগে লগে ছচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰে হেয়াৰ ড্ৰায়াৰ আৰু ইস্ত্ৰি লৈ পিট্ছ শুকুওৱাৰ ছবি। অসম ক্ৰিকেট সন্থাৰ এনে কৰ্মকাণ্ডৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : January 06, 2020, 16:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|