• Home
  • »
  • News
  • »
  • assam
  • »
  • BPFৰ বাবে দুৱাৰ বন্ধ কৰিলে বিজেপিয়ে! উপ-নিৰ্বাচনৰ পূৰ্বে নহয় BJP-BPFৰ বুজাবুজি

BPFৰ বাবে দুৱাৰ বন্ধ কৰিলে বিজেপিয়ে! উপ-নিৰ্বাচনৰ পূৰ্বে নহয় BJP-BPFৰ বুজাবুজি

UPPLক বিজেপিয়ে এৰি দিব গোঁসাইগাঁও,তামোলপুৰ।

UPPLক বিজেপিয়ে এৰি দিব গোঁসাইগাঁও,তামোলপুৰ।

UPPLক বিজেপিয়ে এৰি দিব গোঁসাইগাঁও,তামোলপুৰ।

  • Share this:
মাজুলীক বাদ দি ৩০ অক্টোবৰত হ'বলগীয়া পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনক লৈ BPFৰ বাবে দুৱাৰ বন্ধ কৰিছে  শাসকীয় দল বিজেপিয়ে ৷ থাওৰা,মৰিয়নী আৰু ভৱানীপুৰ নিজৰ হাতত ৰাখি UPPLক তামোলপুৰ, গোঁসাইগাঁও এৰি দিব বীগ ব্ৰাডাৰ বিজেপিয়ে ৷

পাঁচোটা সমষ্টিক লৈ শনিবাৰে বিজেপিৰ নিৰ্বাচন সমিতিৰ বৈঠকে ল'ব সিদ্ধান্ত ৷ বিজেপি নেতৃত্বৰ হাতত ইতিমধ্যে আহি পৰিছে পাঁচোটা সমষ্টিত নিযুক্তি দিয়া পৰ্যবেক্ষকৰ প্ৰতিবেদন৷ সেই প্ৰতিবেদনৰ ভিত্তিতে গোঁসাইগাঁও আৰু তামোলপুৰ UPPLক এৰি দিবলৈ প্ৰস্তুত হৈছে দলীয় নেতৃত্ব ৷ যি কথা স্পষ্ট কৰিলে বিজেপি সভাপতি ভৱেশ কলিতাই। "তামোলপুৰ বিচাৰি আছে UPPLএ ৷ সেই আসনখনত UPPLৰ লেহোৰাম বড়ো জয়ী হৈছি ৷ স্বাভাৱিকতে UPPLক এই সমষ্টিটো আমি এৰি দিব লাগিব ৷"- এনেদৰে কয় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে।

ইফালে, তামোলপুৰ সমষ্টিৰ পৰা টিকট বিচৰা প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীক টিকট প্ৰদান নকৰাটোও একপ্ৰকাৰ খাটাং হৈ পৰিল ৷ বিজেপিৰ পৰা টিকট নাপালে নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াম বুলি কোৱা ইমানুৱেল মুছাহাৰীকো একপ্ৰকাৰ সকীয়াই দিলে বিজেপি সভাপতি ভৱেশ কলিতাই, "ইমানুৱেল মুছাহাৰীয়ে বিপিএফ ত্যাগ কৰি বিজেপিলৈ আহিছে ৷ বিজেপিলৈ অহাৰ পিছত প্ৰত্যেকেই বিজেপিৰ নীতি আদৰ্শ সম্পৰ্কে অৱগত হয়েই৷ তেওঁ টিকট বিচাৰিছে ঠিকেই আছে ৷ টিকট নাপালে নিৰ্দলীয় খেলিম বুলি যদি কৈছে প্ৰথমে মনোনয়ন দি লওকছোন ৷"—ভৱেশ কলিতা।

থাওৰা,মৰিয়নী আৰু ভৱানীপুৰ নিজৰ হাতত ৰাখিব বিজেপিয়ে ৷ সুশান্ত বৰগোঁহাই, ৰূপজ্যোতি কুৰ্মী আৰু ফণীধৰ তালুকদাৰে এই তিনিটা সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰাতো একপ্ৰকাৰ নিশ্চিত ৷ শনিবাৰে মুখ্যমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত হ'ব বিজেপিৰ নিৰ্বাচন সমিতিৰ বৈঠক ৷ বৈঠকত উপস্থিত থাকিব অসমৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডা ৷ এই বৈঠকতে প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিব বিজেপিয়ে ৷ UPPLক এৰি দিবলগীয়া আসনকলৈও হ'ব সিদ্ধান্ত ৷ নিশা সাত বজাত প্ৰথমখন বৈঠকৰ পিছত পাঁচোটা সমষ্টিৰ পৰ্যবেক্ষকৰ সৈতেও বিজেপি নেতৃত্ব মিলিত হ'ব বৈঠকত ৷ ভৱেশ কলিতাৰ মন্তব্যৰ পৰা এটা কথা স্পষ্ট হ'ল যে, উপনিৰ্বাচনৰ পূৰ্বে হাগ্ৰামা মহিলাৰীৰ BPFৰ সৈতে কোনোধৰণৰ বুজাবুজি নকৰে বিজেপিয়ে ৷
Published by:Himangshu Bhuyan
First published: