জুবিন গাৰ্গৰ অনুগত বুলি চিৰপৰিচিত অজয় ফুকনৰ বিৰুদ্ধে জুবিন গাৰ্গৰ হঠাত্ ফেচবুক পষ্ট। ফেচবুকৰ জৰিয়তে জুবিন গাৰ্গে অজয় ফুকনক বৰ্জন কৰাৰ কথা ৰাজহুৱাকৈ প্ৰকাশ কৰাৰ পিছতে চৌদিশে বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছিল। আনকি দেওবাৰে হাজোত জুবিন গাৰ্গে কৈছিল যে, ‘অজয় ফুকনে নিজকে শিল্পী সমাজৰ সভাপতি বুলি কয়। অজয় ফুকনক কোনে সভাপতি পাতিলে শিল্পীসমাজৰ? অজয় শিল্পীসমাজৰ একো নহয়। গোলমাল কৰি থাকে। গতিকে আঁতৰাই দিছো তাক।’
জুবিন গাৰ্গে ৰাজহুৱাকৈ তীব্ৰ সমালোচনা কৰাৰ পিছতে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অজয় ফুকনে। ‘We Support Zubeen Garg’ নামৰ Whatsapp গ্ৰুপটোত বিভিন্ন সদস্যই অজয় ফুকনক লৈ কটু মন্তব্য কৰাৰ পিছত অজয় ফুকনে কয় যে, ‘মই কোন সেয়া সময়ে ক’ব।’
সেইদৰে অসমৰ এটা নিউজ পৰ্টেলৰ আগত অজয় ফুকনে উল্লেখ কৰে যে, ‘শিল্পী জুবিন গাৰ্গে কাৰোবাৰ প্ৰৰোচনাত পৰি মোৰ বিৰুদ্ধে এনে মন্তব্য কৰিছে। ইয়াত আছে এক ৰাজনৈতিক ষড়যন্ত্ৰ। জুবিন গাৰ্গক মই আজিও ভালপাও, শ্ৰদ্ধা কৰো। জুবিন গাৰ্গক নোসোধাকৈ মই একো কামেই কৰা নাই। মই জুবিন দাক লগ ধৰিম আৰু ভালকৈ কথা খিনি কম।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|