• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যৰ এইকেইখন জিলাত বাহাল থাকিব AFSPA, সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে সবিশেষ

ৰাজ্যৰ এইকেইখন জিলাত বাহাল থাকিব AFSPA, সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে সবিশেষ

ভাৰত চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত। অসমৰ ৬০ শতাংশ ভূ-খণ্ডৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে AFSPA।

ভাৰত চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত। অসমৰ ৬০ শতাংশ ভূ-খণ্ডৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে AFSPA।

ভাৰত চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত। অসমৰ ৬০ শতাংশ ভূ-খণ্ডৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে AFSPA।

  • Share this:
ভাৰত চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত। অসমৰ ৬০ শতাংশ ভূ-খণ্ডৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে AFSPA। আজি নিশাৰ পৰাই কাৰ্যকৰী হ'ব এই সিদ্ধান্ত। বৃহস্পতিবাৰে এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি সবিশেষ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে কেন্দ্ৰীয় চৰকাৰে লোৱা এই সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কিন্তু এতিয়াও অসমৰ ৯ খন জিলাত বাহাল থাকিব AFSPA। কাৰ্বিআংলং, পশ্চিম কাৰ্বিআংলং, ডিমা হাচাও, ডিব্ৰুগড়, তিনচুকীয়া, চৰাইদেও, গোলাঘাট, শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু কাছাৰ জিলাৰ লক্ষীপুৰ মহকুমাত বাহাল থাকিব AFSPA। উল্লেখ্য যে, অসমত ১৯৯০ চনৰ পৰা AFSPA বলবৎ হৈ আহিছিল। সেইদৰে সময়ে সময়ে প্ৰায় ৬০বাৰকৈ AFSPAৰ সময়সীমা বৃদ্ধি কৰিছিল কেন্দ্ৰই।

উল্লেখযোগ্য যে, নাগালেণ্ডৰ মন জিলাত পেৰা কামাণ্ডোৱে সন্ত্ৰাসবাদীৰ সন্দেহত বহুকেইগৰাকী সাধাৰণ নাগৰিকক হত্যা কৰিছিল। এই ঘটনাৰ পিছতে সবল ৰূপত উত্থাপন হৈছিল AFSPA বাতিলৰ দাবী। বিশেষকৈ অসম, মণিপুৰ আৰু নাগালেণ্ডত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবী উঠিছিল।

ইফালে আইনখন অসমৰ পৰা প্ৰত্যাহাৰৰ সিদ্ধান্তৰ কথা জনোৱাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে,'এনে সময়তে আমি অধিক সাৱধানতাৰে খোজ কাঢ়িব লাগিব। অসমত অতিৰিক্ত পেৰামিলিটাৰি ফোৰ্চ নিযোগ হৈ থকা নাই। অসম আৰক্ষীৰ ৫টা কামাণ্ডাৰ ফোৰ্চ প্ৰশিক্ষণ দি থকা হৈছে। অসমৰ ৰাইজৰ দায়িত্ব বাঢ়িল।'
Published by:Himangshu Bhuyan
First published: