‘মুখপাত্ৰৰ পৰা খেদা খোৱা মমিনুল আৱালৰ আছুৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ নাই’

News18-Assam
Updated:September 12, 2019, 1:56 PM IST
‘মুখপাত্ৰৰ পৰা খেদা খোৱা মমিনুল আৱালৰ আছুৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ নাই’
মমিনুল আৱাল

বিজেপি নেতা মমিনুল আৱালক প্ৰত্যুত্তৰ লুৰিণজ্যোতি গগৈৰ–আছুত থাকোতে মমিনুল আৱালে গোপন মিতিৰালি কৰিছিল AAMSUৰে

  • News18 Assam
  • Last Updated: September 12, 2019, 1:56 PM IST
  • Share this:
বুধবাৰে সংবাদমেল সম্বোধন কৰি আছুক সমালোচনাৰে থকা সৰকা কৰা বিজেপি নেতা মমিনুল আৱালক উভতি ধৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতিয়ে মমিনুল আৱালক প্ৰত্যুত্তৰ দি কয় যে,

‘‘কংগ্ৰেছ,AIUDFৰ লগত অমিল নাই বিজেপিৰ। আছুত থাকোতে মমিনুল আৱালে গোপন মিতিৰালি কৰিছিল আমছুৰ সৈতে।বিজেপিত টিকট দিয়াৰ নামত ধনৰ লেনদেন কৰিছিল আৱালে। মুখপাত্ৰৰ পৰা খেদা খোৱা মমিনুল আৱালৰ আছু সম্পৰ্কে মাত মতাৰ অধিকাৰ নাই।’’

আছুৰ সাধাৰণ সম্পাদক জনে লগতে কয় যে,  ‘কংগ্ৰেছ আৰু AIUDFক লাগে ধৰ্মীয় সংখ্যালঘুৰ ভোট অন্যহাতে বিজেপিক লাগে ভাষিক সংখ্যালঘুৰ ভোট। গতিকে কংগ্ৰেছ, বিজেপি, এ আই ইউ ডি এফৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই।’

মুখ্যমন্ত্ৰী আৰু অসম গণ পৰিষদকো সমালোচনাৰে  থকা সৰকা কৰে লুৰিণজ্যোতি গগৈয়ে। লুৰিণে উল্লেখ কৰে  যে, ‘CABৰ বিৰুদ্ধে লজ্জাজনক ভাৱে নিৰৱতা অৱলম্বন কৰি মুখ্যমন্ত্ৰীয়ে জাতিটোক প্ৰৱঞ্চনা কৰিছে। চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা শিক্ষা লওক সোণোৱাল আৰু অগপই! এতিয়া আছুৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপি। আছুৰ অভিভাৱক হ'বলৈ যত্ন নকৰিব। অসমৰ ৰাইজৰ কথা মতেহে চলিছে আছু আৰু ৰাইজৰ মতেই চলিব!’
আৰু চাওক
পৰৱৰ্তী বাতৰি