দুৰ্যোগ নামি আহিছে একাংশ অসমীয়া কৰ্মচাৰীৰ জীৱনলৈ। জাগীৰোড আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ প্ৰায় তিনি বছৰে পোৱা নাই দৰমহা। সেইসময়তে আগন্তুক ৩১ জানুৱাৰীৰ ভিতৰত কৰ্মচাৰীসকলক আৱাসগৃহ খালী কৰিবলৈ দিছে নিৰ্দেশনা, যাৰ ফলত এতিয়া নতুন বছৰৰ প্ৰাক মুহূৰ্তত কৰ্মচাৰীসকলৰ জীৱনলৈ নামি আহিছে অমানিশা।
নিৰ্বাচনৰ সময়ত সোণোৱাল চৰকাৰে দুয়োটা কাগজকল পুণৰ উজ্জীৱিত কৰি তুলাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়া কাগজকলৰ দুয়োটাৰ কৰ্মচাৰীক দিছে ইটোৰ পিছত সিটো বেয়াখবৰ। দীৰ্ঘসময় ধৰি নিজৰ প্ৰাপ্য দৰমহা কেইটা মুকলি কৰি দিবলৈ চৰকাৰৰ বিৰুদ্ধে আন্দোলনতো বহিবলগীয়া হৈছিল কৰ্মচাৰীকলে।

সম্প্ৰতি অসমৰ বন্ধ হৈ থকা কাছাৰ আৰু জাগীৰোড কাগজ কল দুটাৰ কৰ্মচাৰীলৈ যোৱা ২৩ ডিচেম্বৰত এখন জাননী জাৰি কৰা হয়। জাননীত উল্লেখ কৰা হয় যে, কাগজ কল দুটা সম্পূৰ্ণৰূপে বন্ধ কৰি সা-সামগ্ৰীসমূহ বিক্ৰী কৰাৰ বাবে লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিততে বিষয়া-কৰ্মচাৰীসকলক থকা আৱাসসমূহ অতি শীঘ্ৰে খালী কৰিব লাগে।
উল্লেখযোগ্য যে, কেৰালাতো এবাৰ অনুৰূপ ঘটনা হৈছিল যদিও, চৰকাৰে কৰ্মচাৰীৰ পক্ষত অৱস্থান কৰি এক বিকল্প পথৰ সন্ধান কৰি দিছিল। কিন্তু জাতি মাটি ভেটিৰ ৰক্ষাৰ সংকল্পৰে শাসনত অধিষ্ঠিত হোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰ খনৰ ওপৰত আস্থা হেৰুৱাই এগৰাকী কৰ্মচাৰীয়ে কৈছে, ‘অন্য ৰাজ্যত থকা হ’লে হয়তো আমাৰ লগত এই গতি নহ’ল হেতেন’।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : December 25, 2019, 13:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।