বিশিষ্ট সাহিত্যিক, সমালোচক শশী শৰ্মাৰ দেহাৱসান

News18 Assam | News18-Assam
Updated:January 29, 2020, 7:45 AM IST
বিশিষ্ট সাহিত্যিক, সমালোচক শশী শৰ্মাৰ দেহাৱসান
নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে শৰ্মাই।

নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে শৰ্মাই।

  • Share this:
বিশিষ্ট সাহিত্যিক, সমালোচক, ছোভিয়েট দেশ নেহৰু বঁটা প্ৰাপক শশী শৰ্মাৰ দেহাৱসান। মঙলবাৰে নিশা নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে শৰ্মাই। মৃত্যুৰ সময়ত সাহিত্যিকগৰাকীৰ বয়স হৈছিল ৯১ বছৰ। নিশা ৯ মান বজাত সাহিত্যিকগৰাকী হঠাৎ নিজ বাসভৱনত অসুস্থ হৈ পৰে। ততাতৈয়াকৈ নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও প্ৰায় ১০ মান বজাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

১৯৩২ চনত নলবাৰী জিলাৰ জানিগোগত জন্মগ্ৰহণ কৰা প্ৰয়াত শৰ্মাই অময়াপুৰ মজলীয়া বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল। ১৯৫০ চনত তেওঁ গৰ্ডন হাই স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ নলবাৰী মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। ১৯৫৮ চনত নলবাৰী মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল শৰ্মাই। ১৯৫৫ চনত তেওঁ টংলা হাইস্কুলত শিক্ষকতাৰে কৰ্ম জীৱন আৰম্ভ কৰিছিল। দেৱীৰাম পাঠশালা হাইস্কুল আৰু শিৱসাগৰৰ বৰহাট হাইস্কুলত কিছুদিন কাম কৰাৰ পিছত অভয়াপুৰী মহাবিদ্যালয় আৰু ডিগবৈ মহাবিদ্যালয়ত যোগদান কৰে।

১৯৬১ চনত নলবাৰী মহাবিদ্যালয়ত যোগদান কৰে শৰ্মাই আৰু ইয়াৰ পৰাই ১৯৯৩ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। মাৰ্ক্সবাদৰ প্ৰতি আকৰ্ষিত শশী শৰ্মাই ১৯৬৮ চনত ৰচনা কৰা ‘মেস্কিম গৰ্কী’ নামৰ গ্ৰন্থখনৰ বাবে ছোভিয়েট দেশ নেহৰু বঁটা লাভ কৰিছিল। শশী শৰ্মাই তেওঁৰ জীৱন কালত এশতকৈ অধিক গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ টলষ্টয়, আধুনিক অসমীয়া সমাজ বিৱৰ্তনত সাহিত্যিকৰ ভূমিকা, ধৰ্ম আৰু সমাজ, সংস্কৃতিৰ বিৱৰ্তন, সাহিত্যত বাস্তৱৰ স্বপ্ন, অসমৰ লোক সাহিত্য, সাহিত্য প্ৰাচ্য আৰু প্ৰাচ্যাত্য, সাহিত্যত আধুনিকতা আদি গ্ৰন্থসমূহ উল্লেখযোগ্য।

আনহাতে, নিজৰ চকুযুৰি মৃত্যুৰ পূৰ্বে দান কৰি থোৱা শৰ্মাই নিজৰ ভেটি মাটি টুকুৰাও দান কৰি থৈছিল৷ মৃত্যুৰ সময়ত তেওঁ পত্নীসহ তিনিগৰাকী কন্যাক এৰি থৈ গৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি