মুখ্যপৃষ্ঠা » খবৰ

» অসম

»জৰিমনা দিম কিন্তু মাস্ক নিপিন্ধো! মহানগৰ আৰক্ষীয়ে সংগ্ৰহ কৰিলে ৮০ হাজাৰ টকাৰ জৰিমনা

জৰিমনা দিম কিন্তু মাস্ক নিপিন্ধো! মহানগৰ আৰক্ষীয়ে সংগ্ৰহ কৰিলে ৮০ হাজাৰ টকাৰ জৰিমনা

News18 Assam | News18-Assam
Updated:September 5, 2020, 5:02 PM IST
জৰিমনা দিম কিন্তু মাস্ক নিপিন্ধো! মহানগৰ আৰক্ষীয়ে সংগ্ৰহ কৰিলে ৮০ হাজাৰ টকাৰ জৰিমনা
অব্যাহত আছে কোৰোণাৰ ভয়াৱহতা। গুৱাহাটীত প্ৰতিদিনে বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ পিছতো কোৰোণাক ভেঙুচালি একাংশৰ।

অব্যাহত আছে কোৰোণাৰ ভয়াৱহতা। গুৱাহাটীত প্ৰতিদিনে বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ পিছতো কোৰোণাক ভেঙুচালি একাংশৰ।

  • Share this:
অব্যাহত আছে কোৰোণাৰ ভয়াৱহতা। গুৱাহাটীত প্ৰতিদিনে বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ পিছতো কোৰোণাক ভেঙুচালি একাংশৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকক জৰিমনা বিহাৰ নিৰ্দেশ দিয়াৰ পিছতে এতিয়া তত্‍পৰ হৈ পৰিছে মহানগৰ আৰক্ষী।

গুৱাহাটী মহানগৰ আৰক্ষীয়ে ৩০ আগষ্টৰ পৰা ৪ ছেপ্তেম্বৰলৈকে কোৰোণা প্ৰট’কল উলংঘা কৰা লোকৰ পৰা সংগ্ৰহ কৰিলে ১২ লাখ ৫০ হাজাৰ ৫০০ টকাৰ জৰিমনা। ইয়াৰে ভিতৰত ৮০ হাজাৰ টকা সংগ্ৰহ কৰ হৈছে কেৱল মাস্ক পৰিধান নকৰা লোকৰ পৰা। সমগ্ৰ ৰাজ্যত ইয়াৰ পৰিমাণ প্ৰায় ৩০ লক্ষাধিক ৷

ইফালে কোৰোণা প্ৰতিহত কৰিবলৈ চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনা উলংঘা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে ২০৩ জন লোকক। গোচৰ পঞ্জীয়ন হৈছে ৬৬টা।

উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰ তথা প্ৰশাসনে জনসাধাৰণক ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাৰ লগতে কোৰোণা প্ৰতিহত কৰিবলৈ বান্ধি দিয়া নীতি-নিয়ম পালন কৰিবলৈ বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো একাংশ লোকৰ এনে দায়িত্বহীনতাই এতিয়া চৰম অস্বস্তিত পেলাইছে সচেতন লোকক।
Published by: Himangshu Bhuyan
First published: September 5, 2020, 4:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি